সেই সময়ত বিজেপি চৰকাৰ থকা হ’লে লাচিত বৰফুকনক দেশদ্ৰোহী বুলি কাৰাগাৰলৈ প্ৰেৰণ কৰিলেহেঁতেন: প্ৰণৱজিৎ চলিহা

IMG-20191224-WA0017

শিৱসাগৰত মঙলবাৰে অনুষ্ঠিত গণ সংকল্প কাৰ্যসূচীৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

লাচিত বৰফুকনে বিদেশীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেই সময়ত বিজেপি চৰকাৰ থকা হ’লে লাচিত বৰফুকনক দেশদ্ৰোহী সজাই কাৰাগাৰত থলেহেঁতেন। এই মন্তব্য কৰে একালৰ প্ৰতাপী ছাত্ৰ নেতা ৰমু ওৰফে প্ৰণৱজিৎ চলিহাই।

শিৱসাগৰত আজি বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত গণ সংকল্প কাৰ্যসূচীত অংশ লৈছিল অসম আন্দোলনৰ নেতাগৰাকীয়ে।

তেওঁ কয় যে চৰকাৰ তথা আৰক্ষীয়ে আমাক সংযমী হ’বলৈ কৈছে। সংযম শব্দটো কেৱল আমাৰ বাবেহে নেকি। পাঁচটা নিৰীহ যুৱকক গুলিয়াই হত্যা কৰোতে অসম আৰক্ষীৰ সংযম ক’ত আছিল বুলি তেওঁ প্ৰশ্ন কৰে।

‘’সৰ্বানন্দ সোনোৱালক মই বদন বুলি কম,জেলত থয় কত থয় থওক। তেৰ বছৰ জেলত থকা অভিজ্ঞতা আছে,’’-চহিহাই কয়।

এইবাৰ সঁচা অৰ্থত পৰিৱৰ্নত হব। বড়ো,কাৰ্বিৰ লগতে সমগ্ৰ অসমৰ পৰা লাচিতক বিচাৰি এই বাৰ মুখ্য মন্ত্ৰী পাতিম বুলি মন্তব্য কৰে ৰমু চলিহাই।

আনহাতে, অধিবক্তা জোনমণি দেৱী খাউণ্ডে কয়,’’বৰ্তমান সময়ত অসমত কা’ৰ প্ৰয়োজন নাছিল। অসমৰ ৰাইজৰ দাবী সমুহক আওকাণ কৰি নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে হিটলাৰী কয়দাৰে ৰাইজে নিবিচৰা নাগৰিকত্ব সংশোধনী আইন জাপি দিছে। যাৰ বাবে আজি অসম জ্বলিছে।‘’

তেওঁ লগতে কয়, ‘’অসমৰ ৰাইজ সংগ্ৰামী ৰাইজ, অসমৰ ইতিহাস সংগ্ৰামী ইতিহাস, গতিকে অসমৰ ৰাইজ অজি কা’ৰ বিৰুদ্ধে সংঘবদ্ধ হৈছে, সংকল্পবদ্ধ হৈছে। চৰকাৰে এই আইন বাতিল কৰিবই লাগিব।‘’

বৰ্তমান সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে গ্ৰেপ্তাৰ কৰে, ই তেওঁলোকৰ ফেচীবাদী চৰিত্ৰ উদঙাই দিছে। ইয়াৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ তৰিবলৈ আহ্বান জনায় জোনমণি দেৱী খাউণ্ডে।

গণ সংকল্প কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, বিশিষ্ট সাংবাদিক মণিৰুল ইছলাম বড়া, অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসকে ধৰি বহু ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

শেষত উপস্থিত সকলো ৰাইজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ সংকল্প লয়।