• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কীৰ্তিকমল কাণ্ড: অসম ইউপি নহে কোনে কয়!

দুলাল মিশ্ৰ,গুৱাহাটী by দুলাল মিশ্ৰ,গুৱাহাটী
January 23, 2022 3:59 pm
360
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত আইন-শৃংখলাৰ কি হাৰত অৱনতি ঘটিছে সেয়া সমগ্ৰ ভাৰতে জানে।

এনে অৱনতিৰ বাবে যে ৰাজ্য খনৰ চৰকাৰো বহু পৰিমাণে দায়ী সেই কথা আদালতে আৰক্ষীৰ বিৰুদ্ধে কৰা একাধিক ৰায় দানেই প্ৰমাণ কৰিছে। অপৰাধীক দমনৰ নামত উত্তৰ প্ৰদেশত যি এনকাউণ্টাৰ পৰ্ব চলাই যোৱা হৈছে তাৰ ফলশ্ৰুতিত অপৰাধ কিমান কমিছে সেয়া সন্দেহৰ বিষয় যদিও সাধাৰণ মানুহ যে ত্ৰাসিত হৈছে সেয়া সঁচা কথা।

চৰকাৰী তথ্য অনুসৰিয়েই ২০১৭ চনৰ পৰা ২০২১ চনৰ শেষৰ পিনলৈ উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘটিছে ১৩৯ জন লোকৰ।ঘূণীয়া হৈছে ৩,১৯৬ জন লোক। ইমানৰ পিছতো উত্তৰ প্ৰদেশ অপৰাধী মুক্ত হোৱা নাই। বৰঞ্চ ভুৱা এনকাউণ্টাৰ সংঘটিত কৰাৰ অপৰাধত আদালতে ৰাজ্য খনৰ বহু কেইগৰাকী আৰক্ষীক শাস্তিও বিহিছে। উত্তৰ প্ৰদেশৰ দৰেই পৰিবেশ এতিয়া লাহে লাহে অসমতো সৃষ্টি হৈছে।

চৰকাৰৰ নিৰ্দেশতে অসমৰ আৰক্ষীয়ে বিগত কেইটামান দিনত বহুলোকক এনকাউণ্টাৰ কৰি হত্যা অথবা ঘূণীয়া কৰিছে। শেহতীয়াকৈ নগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে কৰা গুলীচালনাই বহু প্ৰশ্নৰ উদয় ঘটাইছে। আৰক্ষীৰ সামৰ্থ্য, স্বচ্ছতা আদিৰ প্ৰতিও প্ৰশ্নবোধক চিনৰ উদ্ৰেক ঘটাইছে।

বহুতে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে ৰাজপথত নিৰস্ত্ৰ যুৱকজনক কি কাৰণত আৰক্ষীয়ে গুলীয়াবলগীয়া হ’ল। আৰক্ষীয়ে দাবী কৰা অনুসৰি যদি কীৰ্তিকমলৰ লগত ড্ৰাগছ পাইছিলেই তেন্তে তেওঁক ততালিকে গ্ৰেপ্তাৰ নকৰি গুলিয়ালে কিয়? প্ৰশ্ন হৈছে কীৰ্তিকমলে লগত এনে কি বিধ্বংসী অস্ত্ৰ ৰাখিছিল যাৰ বাবে ভয় খাই আৰক্ষীয়ে গুলিয়াবলগীয়া হ’ল? এজন যুৱক, যিয়ে মাতৃৰ বাবে দৰৱ আনিবলৈ গৈ আৰক্ষীৰ তালাচীৰ সন্মুখীন হৈছিল।

নিৰস্ত্ৰ যুৱক এজনে নিঃসন্দেহে এদল আৰক্ষীৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰে। তাত উপস্থিত থকা আৰক্ষীয়ে গুলিৰ ব্যৱহাৰ নকৰাকৈয়ে তেওঁক শান্ত কৰিব পাৰিলেহেঁতেন। কিন্তু তেনে কৰা নহ’ল, তেওঁক চিধাই গুলিয়াই দিয়া হ’ল। কীৰ্তিকমলৰ কথা বাদ দিলেও আন এটা কথাই এতিয়া বহুতোকে আচৰিত কৰি তুলিছে।

সেয়া হ’ল এনকাউণ্টাৰৰ পূৰ্বে ধৃত লোক এজনে আৰক্ষীৰ জিম্মাৰ পৰা কিদৰে পলাবলৈ সক্ষম হয়? আৰক্ষী ইমানেই দুৰ্বল হৈ পৰিছে নেকি যে তেওঁলোকৰ জিম্মাত থকা লোকে সহজে পলাব পাৰে! এয়া চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে পালন কৰি যোৱা যন্ত্ৰৱৎ ঘটনা বুলি ভাবিবলৈ এতিয়া সচেতন মহল বাধ্য হৈছে।

আজি নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নগাঁৱৰ এছপি আনন্দ মিশ্ৰৰ পুত্তলিকা জ্বলিছে। অৱশ্যে সেই পুত্তলিকা দাহৰ উত্তাপে মুখ্যমন্ত্ৰীক চুব পাৰিব নে নাই সেয়াহে সন্দেহৰ বিষয়। ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰিছে, ৰাইজে কেতিয়াও ক’তো প্ৰতিবাদ কৰা নাই। বৰঞ্চ চৰকাৰৰ পদক্ষেপক বহুতে প্ৰশংসাহে কৰিছিল।

কিন্তু আজি কীৰ্তিকমলৰ ঘটনাটোক ৰাইজে কিয় সহজ ভাবে ল’ব পৰা নাই সেই কথা নিশ্চয়কৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষই অনুধাৱন কৰা উচিৎ । ড্ৰাগছ বেপাৰীৰ গুলীয়ালে ৰাইজে প্ৰতিবাদ কৰা নাই নাই, অথচ কীৰ্তিকমলৰ ক্ষেত্ৰত কৰিছে— অৰ্থাৎ ‘ডাল ম্যে কুছ কালা হ্যে’। সেই দাইলৰ মাজত থকা ক’লা খিনিক বিচাৰি উলিওৱাৰ এতিয়া দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

কাৰণ তেওঁ কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, গৃহ দপ্তৰো তেওঁৰ হাততে আছে। কীৰ্তিকমলে যদি সঁচাকৈয়ে লগত কিবা নিষিদ্ধ দ্ৰৱ্য ৰাখিছিলেই তেন্তে তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবহে লাগিছিল, গুলিয়াব লাগিছিল নেকি? এই প্রশ্ন এতিয়া অসমবাসীৰ— কিন্তু এই প্ৰশ্নৰ উত্তৰ নাই আৰক্ষী অথবা মুখ্যমন্ত্ৰীৰ হাতত।

কীৰ্তিকমলৰ ঘটনাটোৱে এতিয়া ৰাজ্যবাসীক আতংকিত কৰি তোলা পৰিলক্ষিত হৈছে। বহুতে ছ’চিয়েল মিডিয়াত সেই আতংকৰ কথা প্ৰকাশ কৰিছে, আৰক্ষীৰ কাণ্ডক গৰিহণা দিছে। বহুতোৰে মনত খেলাই যোৱা প্ৰশ্নটো হৈছে— এতিয়া বাটে-বাটে, স্কুলে-কলেজে অথবা আন ঠাইলৈ গ’লেও বিনা কাৰণতে আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হ’ম নেকি!

ৰাজ্যৰ বহুলোকক এনে আতংকৰ মাজলৈ ঠেলি দিবলগীয়া হোৱাটো নিঃসন্দেহে গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ বাবে ব্যৰ্থতাৰ কথা।

উত্তৰ প্ৰদেশত ভুৱা এনকাউণ্টাৰৰ ঘটনা ইণ্ডিয়া টুডে টিভিয়ে পোহৰলৈ অনাৰ পিছতে ৰাজ্য খনৰ তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান অ পি সিঙে তিনিজন আৰক্ষীক নিলম্বিত কৰিছিল। কীৰ্তিকমলৰ ঘটনাটোৰ ক্ষেত্ৰত অভিযুক্ত বনিয়া উপাধিৰ আৰক্ষীজনক ৰিজাৰ্ভ ক্ল’জহে কৰা হ’ল।

অপৰাধীয়ে আইনৰ পথেৰে শাস্তি পাব লাগে তাত কাৰো দ্বিমত নাই। কিন্তু এনেদৰে ৰাজপথতে যুৱকক গুলীয়াই আহত কৰি মানুহক আতংকিতও কৰিব নালাগে সেয়াহে আজিৰ সময়ৰ দাবী। ৰাজ্যত আইনৰ শাসন চলক, আৰক্ষী বা মন্ত্ৰীৰ নহয়— এই দাবী কেৱল আমাৰ দাবীয়েই নহয়, এয়া ৰাজ্যৰ আতংকৰ মাজত বাস কৰা সাধাৰণ জনতাৰ দাবী।

Recent News

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd