৯১ সংখ্যক জন্ম জয়ন্তীত গণনেতা প্ৰমোদ গগৈক স্মৰণ

a promod g

আজি  চি পি আই শিৱসাগৰ জিলা পৰিষদৰ উদ্যোগত প্ৰয়াত গণনেতা তথা বিশিষ্ট সাম্যবাদী নেতা প্ৰাক্তন মন্ত্ৰী প্ৰমোদ গগৈৰ ৯১ সংখ্যক জন্ম  জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷

চি পি আই জিলা কাৰ্য নিৰ্বাহক সদস্য মদন বৰুৱাই আঁত ধৰা অনুষ্ঠানত সমাজকৰ্মী চফিকুৰ ৰহমানে স্মৃতি তৰ্পণ কৰে ৷ তেখেতে কয় যে এগৰাকী অতি বিচক্ষণ তথা সৰবৰহী জননেতা হিচাপে পৰিচয় দি থৈ যাবলৈ সক্ষম হ’ল ৷ তেখেতে ৰাজ্যখনলৈ এক অতুলনীয় অৱদান আগবঢ়াইছিল বুলি কয় ৷

অনুষ্ঠানৰ সভাপতিত্ব কৰি সভাপতি অভিভাষণত ধৰ্ম বৰুৱা আৰু আজিৰ কাৰ্যসূচীৰ তাৎপৰ্য ব্যাখ্যা  কৰে চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে। দুয়োজন বক্তাই  প্ৰমোদ গগৈৰ গুণানুকীৰ্তন কৰি কয় যে এগৰাকী অতি মেধা সম্পন্ন ৰাজনীতিক হিচাপে বিধান সভাৰ বাহিৰে ভিতৰে জ্বলন্ত সমস্যা সমূহ সমাধানৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল তেওঁ ৷

মাধ্যম আন্দোলন , ৰিফাইনেৰী আন্দোলন , বিদেশী বিতাড়ন আন্দোলনত আগবঢ়োৱা অভিমত , উগ্ৰপন্থী সমস্যা সমাধানৰ বাবে আগবঢ়োৱা অভিমত , যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সম্পৰ্কত আগবঢ়োৱা অভিমত , অসমক বিশেষ ৰাজ্য মৰ্যাদা দিয়া সম্পৰ্কে আগবঢ়োৱা অভিমত , প্ৰাচীন ঐতিহ্য সমূহ ৰক্ষাৰ বাবে আগবঢ়োৱা অৱদান , ছয় জনগোষ্ঠীক জনজাতিকৰণ দিবৰ বাবে আগবঢ়োৱা অভিমত  , সমষ্টি পুনৰ গঠন সম্পৰ্কত আগবঢ়োৱা বলিষ্ঠ অভিমত , তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি সংগঠিত কৰা আন্দোলন সমূহৰ সম্পৰ্কে বিস্তৃত ব্যাখা আগবঢ়াই নৱপ্ৰজন্মক তেওঁৰ  আগবাঢ়ি যাবলৈ  আহ্বান জনায় ৷

অনুষ্ঠানত বিশিষ্ট সাংবাদিক মনোজ গগৈ , অনুপ গগৈ , নৰেণ বৰুৱা , মদন বৰুৱাই ও গুণানুকীৰ্তন কৰে ৷