দলং নিৰ্মাণকাৰী সংস্থাৰ হেমাহি; বৰপেটাৰ ধানবন্ধাত ৰাইজৰ প্ৰতিবাদ

WhatsApp Image 2019-07-11 at 4.53.20 PM

বৰপেটাত স্থানীয় ৰাইজৰ প্ৰতিবাদ

বৰপেটা জিলাৰ সনকুছি গৰেমাৰী পথৰ ধানবান্ধাত নিৰ্মিয়মান দলঙ এখনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত নিৰ্মাণকাৰী সংস্থাৰ চূড়ান্ত হেমাহিৰ অভিযোগ তুলি আজি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

সদাব্যস্ত পথচোৱাৰ ধানবান্ধাত থকা কাঠৰ দলঙখনৰ ঠাইত প্ৰায় ছয় মাহ পূৰ্বে পকী দলং এখনৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভ কৰে৷ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণকাৰী সংস্থাটোৱে দলঙখনৰ কাষেৰে উপপথ নিৰ্মাণ কৰাৰ লগতে অস্থায়ী দলং এখন নিৰ্মাণ কৰিব লাগিছিল যদিও সেয়া নকৰাত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাত পৰিছে ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু পথাচাৰীসকল৷

প্ৰতিকুল বতৰকো নেওঁচি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা স্থানীয় ৰাইজে জনায় যে, সনকুছি গৰেমাৰী পথৰ ধানবান্ধাত পূৰ্বৰ কাঠৰ দলঙৰ ঠাইত পকী দলঙৰ নিৰ্মাণ কাৰ্য কৰাৰ পিছত ৰাইজৰ সুবিধাৰ্থে  উপ পথ আৰু অস্থায়ী দলং নিৰ্মাণ কৰিবলৈ  স্থানীয় ৰাইজে নিৰ্মাণকাৰী সংস্থাটোক কেইবাবাৰো অনুৰোধ জনাইছিল ৷ কিন্তু ৰাইজৰ অনুৰোধক এম বি কনষ্ট্ৰাকচন নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ মুৰব্বী গৰাকীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে যাৰ বাবে স্থানীয় ৰাইজসকলে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

আনহাতে, নিৰ্মাণকাৰী সংস্থাটোৰ এনে মইমতালিৰ বাবে এতিয়া বৃহত্তৰ অঞ্চলবাসীৰ লগতে পথটোৰে অহা যোৱা কৰা ৰাইজে দুৰ্ভোগ ভূগিব লগা হোৱা বুলি প্ৰতিবাদত অংশ গ্ৰহণ কৰা একাংশ লোকে মন্তব্য কৰে৷

ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া নিৰ্মাণকাৰী সংস্থাটোৰ এনে মইমতালিৰ বিৰুদ্ধে আৰু  উপ-পথ নিৰ্মাণৰ দাবীত আজি স্থানীয় ৰাইজে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷