ৰে’ল বিভাগৰ সুৰংগ পথে জলাকলা খুৱাইছে ৰাইজক; নিৰ্বিকাৰ ৰে’ল কৰ্তৃপক্ষ, জিলা প্ৰশাসন

ফটো: নৰ্থইষ্ট নাও।

ৰে’ল বিভাগৰ সুৰংগ পথে জলাকলা খুৱাইছে ৰাইজক৷ ৰে’লপথৰ অধিকাংশ “অভাৰ ব্ৰিজ”ৰ সুৰংগ পথত জমা হোৱা পানীয়ে দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণ জনতাক ৷ যাতায়তৰ বাবে অকনো উপযোগী নহয় এই সুৰংগ পথ সমুহ৷

দুধনৈত ৰে’ল বিভাগৰ সুৰংগ পথত একাঠু পানী ৷ সুৰংগৰ ভিতৰত জমা হোৱা পানীৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ যন্ত্ৰণা ভূগিছে সাধাৰণ জনতাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে৷ বাহনেৰে পথচোৱা পাৰ হোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজৰ৷

দুধনৈৰ নিকতৱৰ্তী ফফলস্থিত ৰে’ল বিভাগে নিৰ্মাণ কৰা সুৰংগ পথটোৰে শ শ সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিদিনে যাতায়ত কৰিবলগীয়া হয় ৷ সুৰংগ পথটোৰ মাজত জমা হৈ থকা পানীৰ বাবে যাতায়ত কৰাত সমস্যাৰ সন্মুখীনহৈ আহিছে সৰ্বসাধাৰণ ৰাইজ ৷

ফটো: নৰ্থইষ্ট নাও।

বাৰে বাৰে অঞ্চলবাসী ৰাইজ তথা সংগঠনসমুহে সুৰংগ পথচোৱা যাতায়াতৰ উপযোগী কৰি তুলিবলৈ ৰে’ল বিভাগক আৰু জিলা প্ৰশাসনক অনুৰোধ জনাই আহিছে যদিও কাণসাৰ দিয়া নাই কৰ্তৃপক্ষই ৷

এই সম্পৰ্কত ৰাইজে কেবাবাৰো লিখিত আবেদনো জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷ কিন্তু বৰ্তমানো যাতায়ত সুচল কৰাত গুৰুত্ব দিয়া নাই ৰে’ল বিভাগে ৷ ফলত ৰে’ল পথৰ ওপৰেৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ যাবলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীসকল৷

অতিশীঘ্ৰে ৰে’ল বিভাগক সুৰংগ পথটো যাতায়তৰ বাবে সুচল কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷ অন্যথা স্থানীয় ৰাইজে ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে৷