NORTHEAST NOW (Assamese)

চৰম নৃশংসতা! চলন্ত গাড়ীৰ পৰা কোলাৰ শিশুক দলিয়াই দি মাতৃৰ ওপৰত যৌন নিৰ্যাতন চলালে দুৰ্বৃত্তই

December 11, 2022 12:11 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

দুৰ্বৃত্তৰ এটা দলৰ বিৰুদ্ধে চলন্ত গাড়ীৰ পৰা এটি শিশুক দলিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। গাড়ীৰ ভিতৰত শিশুটোৰ মাতৃকো যৌন নিৰ্যাতন কৰাৰ  অভিযোগ কৰা হৈছে। পিছত তেওঁকো গাড়ীৰ পৰা ঠেলি পেলাই দিয়া হয়। মহিলাগৰাকী বাচি যায় যদিও গাড়ীৰ পৰা পৰি শিশুটিৰ মৃত্যু ঘটে।

ঘটনাটো মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হৈছে। মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গৈ থকা অৱস্থাত ১০ মাহৰ শিশু কন্যাটিক গাড়ীৰ পৰা উ লিয়াই দলিয়াই দিয়া হৈছিল বুলি অভিযোগ কৰা হৈছে।

লগতে পঢ়ক: বিমানৰ ভিতৰত ফণা তুলি উঠিল সাপ! আতংকিত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যাত্ৰী

শনিবাৰে ৰাতিপুৱা মহিলাগৰাকীয়ে এখন কেব ভাড়া কৰি কন্যাটিক লৈ গৈ আছিল। গাড়ীখনত তেওঁ আৰু তেওঁৰ কন্যাৰ লগতে অন্যান্য যাত্ৰীও আছিল। তেওঁলোকে কেবখন শ্বেয়াৰত ভাড়ালৈ লৈছিল।

অভিযোগ কৰা হৈছে যে গাড়ীখনৰ চালক আৰু সহযাত্ৰীসকলে মহিলাগৰাকীক হাৰাশাস্তি কৰিছিল। শিশুটিক তেওঁৰ কোলাৰ পৰা কাঢ়ি লৈ খিৰিকীৰে বাহিৰলৈ দলিয়াই দিয়া হৈছিল।

মহিলাগৰাকীয়ে আৰক্ষীক কৈছে যে তেওঁক গাড়ীখনত অশালীন ব্যৱহাৰ কৰা হৈছিল। নিৰ্যাতন কৰাত বাধা দিয়াৰ সময়ত শিশুটিক তেওঁৰ কোলাৰ পৰা কাঢ়ি নিয়া হৈছিল। কন্যা শিশুটিক চলন্ত গাড়ীৰ পৰা মাকৰ চকুৰ সন্মুখতে দলিয়াই দিয়া হৈছিল। ঘটনাস্থলীতে শিশুটিৰ মৃত্যু হয়।

আনহাতে, কিছু সময়ৰ পিছত মহিলাগৰাকীকো দুৰ্বৃত্তই গাড়ীৰ পৰা ঠেলি পেলাই দিছিল। তেওঁ আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক: জঘণ্য কাণ্ড! সম্পত্তিৰ বাবে প্ৰবীণ অভিনেত্ৰীক হত্যা পুত্ৰৰ; ঘৰুৱা সহায়ক সহ পুত্ৰক গ্ৰেপ্তাৰ

এই সন্দৰ্ভত মান্দাৱী আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰা হৈছে। মহিলাগৰাকীৰ অভিযোগ আৰু ভাষ্যৰ ভিত্তিত এটা তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে অপৰাধীৰ সন্ধান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই।

Related News