হোজাই চহৰৰ মাজমজিয়াত যুৱকক গুলীয়াই হত্যা; দুজনক গ্ৰেপ্তাৰ

arrest-2-76

প্ৰতিনিধিত্বমূলক চিত্ৰ

হোজাইত বুধবাৰে সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন ব্যক্তিক আটক কৰিছে। আটক কৰা লোক দুজনৰ নাম বৰ্তমানলৈকে আৰক্ষীয়ে জনোৱা নাই।

উল্লেখযোগ্য যে কালি অৰ্থাৎ বুধবাৰে নিশা হোজাই চহৰৰ মাজমজিয়াত দুৰ্বৃত্তৰ গুলীত এজন যুৱকে প্ৰাণ হেৰুৱাইছিল। নিহত যুৱকজনৰ নাম প্ৰসেনজিৎ দেবনাথ, ঘৰ গোলাঘাটীয়া বস্তিত।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটোৰ লগতে পিষ্টলৰ এটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। উক্ত ঘটনাত আৰু দুজন ব্যক্তি জড়িত আছে যদিও তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে।

আৰক্ষীৰ মতে প্ৰসেনজিৎ দেবনাথক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা কপালত গুলীওৱাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়।

কি কাৰণত যুৱকজনক হত্যা কৰা হ’ল সেই কথা জানিব পৰা হোৱা নাই। হোজাই আৰক্ষীয়ে বৰ্তমান অভিযুক্ত লোক দুজনক আটক কৰি ঘটনা সন্দৰ্ভত সোধা-পোচা চলাই আছে।