বোকাজানত সন্দেহজনক গঁড়ৰ খৰ্ড়্গৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ

সন্দেহজনক খড়্গটোৰ সৈতে লালখোংমাং কিপগেন।

এটা গোপন সূত্ৰৰ পম খেদি আজি বোকাজানৰ এছ ডি পি অ’ পি কে পেগুৰ নেতৃত্বৰ এটা দলে গঁড়ৰ এটা সন্দেহজনক খড়্গ সৈতে এজন লোকক আটক কৰে।

আটক কৰা লোকজনৰ নাম লালখোংমাং কিপগেন (৪০) (পিতা : লাংখাজান কিপগেন) আৰু তেওঁ কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ অধীনৰ নতুন ছেহজাং অঞ্চলৰ বুলি জানিব পৰা গৈছে।

তেওঁৰ পৰা জব্দ কৰা সন্দেহজনক খৰ্ড়্গটোৰ ওজন প্ৰায় ৫১০ গ্ৰাম।

লগতে পঢ়ক কাজিৰঙালৈ অহা পৰ্য্যটকো নামিল বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায়ত; এজনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে কিপগেনৰ পৰা বাজাজ কোম্পানিৰ এখন বাইক (পঞ্জীয়ন নং WB 20 R 3400) আৰু  এটা নকিয়া ম’বাইলো জব্দ কৰিছে।

গঁড়ৰ খড়্গটো আচল নে নকল এই পৰ্য্যন্ত নিশ্চিত কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।

লোকজনৰ পৰা অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰখা হৈছে।

উল্লেখযোগ্য যে কাজিৰঙাত গঁড় হত্যা চকুত লগাকৈ কমিছে যদিও গঁড়ৰ খড়্গ আৰু বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায়ী বিভিন্ন ৰূপত সক্ৰিয় হৈয়ে আছে।

অলপতে কাজিৰঙা ভ্ৰমণ কৰি ঘূৰি যাবলৈ ওলোৱা এজন পৰ্য্যটকক বৰঝাৰ বিমান বন্দৰৰ পৰা হুগৰী পহুৰ শিঙৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।