NORTHEAST NOW (Assamese)

ব্যক্তিগত কৌতুহল আৰ টি আইৰ লক্ষ্য নহয়: মোডীৰ ডিগ্ৰী সম্পৰ্কত উচ্চ ন্যায়ালয়ৰ আগত দিল্লী বিশ্ব বিদ্যালয়ৰ মন্তব্য

January 14, 2025 3:27 pm · এন ই নাও নিউজ

আৰ টি আই আইনখনৰ উদ্দেশ্য হৈছে তথ্য প্ৰদান কৰা। কিন্তু কোনো ব্যক্তিৰ ব্যক্তিগত কৌতুহল পূৰণ কৰাটো এই আইনৰ উদ্দেশ্য নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীক লৈ হোৱা বিতৰ্কত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ত দিল্লী বিশ্ববিদ্যালয়ৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এইদৰে কয়।

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তৰ বিচাৰপীঠৰ সন্মুখত মোডীৰ ডিগ্ৰী বিতৰ্কৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। তুষাৰ মেহতাই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য বিশ্বাসযোগ্য স্থানৰ পৰা বিশ্ববিদ্যালয়ত ৰখা হয়। কোনোবাই আইনৰ অনুমতি সাপেক্ষে বিশ্ববিদ্যালয়ৰ পৰা নিজৰ ডিগ্ৰী বা মাৰ্ক শ্বীট সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে। কিন্তু কোনো অচিনাকি মানুহৰ আগত প্ৰকাশ কৰিব নোৱাৰি।

তুষাৰ মেহতাই উচ্চ ন্যায়ালয়ত কয়, “সেই আৰ টি আই কৰ্মীজনে ১৯৭৮চনৰ সকলো তথ্য বিচাৰিছে। ইয়াৰ পিছত কোনোবাই আহি ১৯৭৯ চন বিচাৰিব পাৰে। ইয়াৰ পিছত কোনোবাই আহি ১৯৬৪ চন বিচাৰিব পাৰে।

দৰাচলতে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী বিতৰ্কক লৈ উচ্চ ন্যায়ালয়ত দীৰ্ঘদিন ধৰি চলি আহিছে। আইনী সংবাদ সেৱা ‘লাইভ ল’ৰ এক প্ৰতিবেদন অনুসৰি আৰ টি আই কৰ্মী নীৰজ কুমাৰে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৮ চনৰ স্নাতকসকলৰ নাম, ৰোল নম্বৰ, লাভ কৰা নম্বৰ, কোনে উত্তীৰ্ণ আৰু কোনে বিফল হ’ল সেই বিষয়ে বিচাৰিছিল। কৰ্তৃপক্ষৰ মতে, তৃতীয় পক্ষক তথ্য এইদৰে দিব নোৱাৰি।

তাৰ পিছত আৰ টি আই কৰ্মীজনে তথ্য আয়োগক আবেদন জনায়। সেই আবেদনৰ ভিত্তিত ২০১৬ চনত কেন্দ্ৰীয় তথ্য আয়োগে ১৯৭৮ চনৰ কলা বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ নথি-পত্ৰ পৰীক্ষা কৰি তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰসংগক্ৰমে তথ্য অনুসৰি মোদীয়ে সেই বছৰতে স্নাতক ডিগ্ৰী লাভ কৰে। সেই আদেশক প্ৰত্যাহ্বান জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০১৭ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। গোচৰৰ আৰম্ভণিতে ২০১৭ চনৰ ২৪ জানুৱাৰীত আয়োগৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ে স্থগিত ৰখাৰ আদেশ জাৰি কৰে।

Related News