আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী; হেকাৰৰ কবলত টুইটাৰ, ২৩ কোটি একাউণ্টৰ তথ্য ফাদিল!

মুঠ ২৩ কোটিতকৈও অধিক টুইটাৰ একাউণ্ট আৰু গ্ৰাহকৰ ইমেইল ঠিকনা ফাদিল হৈছে! হেকাৰসকলে সকলো তথ্য এটা অনলাইন হেকিং ফ’ৰামত মুকলি কৰি দিছে। আন্তৰ্জাতিক সংবাদমমাধ্যমৰ এনে এক বিস্ফোৰক দাবীয়ে স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশেষজ্ঞসকলৰ মতে, এনে ধৰণৰ হেকিংয়ে টুইটাৰৰ জৰিয়তে চৰকাৰ বিৰোধী বা প্ৰভাৱশালী লোকসকলক ৰাজহুৱাভাৱে সমালোচনা কৰা সকলৰ ওপৰত চাপৰ সৃষ্টি কৰিব পাৰে। ইজৰাইলৰ চাইবাৰ নিৰাপত্তা-নিৰীক্ষণ প্ৰতিষ্ঠান এটাৰ সহ-প্ৰতিষ্ঠাপক এলোন গলে দাবী কৰিছে যে এইটো সাম্প্ৰতিক সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ডাটা লিক।

লগতে পঢ়ক: কি দিন পৰিল! শ্ৰেণীকোঠাতেই শিক্ষয়িত্ৰীৰ ওপৰত গুলী চলালে এটি ৬ বছৰীয়া শিশুৱে

অৱশ্যে, টুইটাৰে এতিয়ালৈকে হেকিং সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। এই হেকিংৰ প্ৰতিবেদন পোহৰলৈ অহাৰ প্ৰায় দুসপ্তাহ হ’ল। সৰ্বাধিক ২কোটি ৩৫ লাখ টুইটাৰ একাউন্টৰ তথ্য ফাদিল হোৱা বুলি দাবী কৰা হৈছে। আশংকা কৰা হৈছে যে হেকাৰসকলে ইমেইল ঠিকনাবোৰ অঁতৰাই নি পাছৱৰ্ড সলনি কৰি তাৰ নিয়ন্ত্ৰণ নিব পাৰে। মুঠতে এই হেকিং-ৰ ঘটনাটোক লৈ বিভিন্ন ধৰণৰ আশংকাৰ সৃষ্টি হৈছে।

যোৱা বছৰ জুলাইত খবৰ ওলাইছিল যে হেকাৰসকলে বহুতো টুইটাৰ একাউণ্ট আৰু তেওঁৰ ইমেইল বা ফোন নম্বৰৰ দৰে তথ্য লিক কৰিছিল। সেই সকলো তথ্য বজাৰত বিক্ৰী কৰা হৈছে। সেইবাৰ ৫০ লাখতকৈও অধিক একাউণ্টৰ খবৰ পোৱা গৈছিল। অৱশ্যে এইবাৰ তাতকৈ বহুগুণে অধিক তথ্য লিকৰ কথা পোহৰলৈ আহিছে। এই ঘটনাই নিঃসন্দেহে এলন মাস্কৰ ওপৰত চাপ সৃষ্টি কৰিব।

দৰাচলতে, টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা মাস্ক বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ আহিছে। মাইক্ৰ’ব্লগিং ছাইটৰ ব্যৱস্থাপনা প্ৰণালীত কেইবাটাও পৰিৱৰ্তন কৰাৰ বাবে টুইটাৰৰ নতুন মুৰব্বীগৰাকী যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে।

লগতে পঢ়ক: আৰু ৰহস্য! দুগৰাকী অধিবক্তাই গুৱাহাটী বিমানবন্দৰত দেখিছিল শ্বীনা বৰাক; দাবী ইন্দ্ৰাণী মুখাৰ্জীৰ

বিগত বছৰটোৰ শেষত গম পোৱা গৈছিল যে টেছলাৰ মুৰব্বীগৰাকীয়ে অভিলেখ পৰিমাণৰ সম্পত্তি হেৰুৱাইছে। এটা সময়ত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৩২১ বিলিয়ন ডলাৰ। টেছলা-টুইটাৰৰ গৰাকীয়ে যোৱা কেইমাহমানত প্ৰায় ২০০ বিলিয়ন  ডলাৰ হেৰুৱাইছে।