NORTHEAST NOW (Assamese)

‘বিকৃত যৌনতা’! গোহালিত গৰুৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ, আটক দুই হিন্দু যুৱক

April 9, 2025 1:06 pm · এন ই নাও নিউজ, গুৱাহাটী

বিজেপিয়ে দলটো গৰুক লৈ যথেষ্ট সংবেদনশীল। সেইবাবেই দলটোৱে ডাবল ইঞ্জিন ৰাজ্যসমূহত গো-পালন সন্দৰ্ভত কেইবাটাও ঘোষণা কৰিছে। সেই তালিকাত মধ্যপ্ৰদেশৰ নাম প্ৰথম। এইবাৰ মধ্যপ্ৰদেশত দুটা পৃথক ঘটনাত গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্কৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

যি সময়ত এই ঘটনাক লৈ মোহন যাদৱ চৰকাৰ ক্ষোভিত হৈ পৰিছে, সেই সময়ত গো-পালনৰ বাজেট আবণ্টন দুগুণ হোৱা ৰাজ্যত এনে ঘটনা কেনেকৈ হব পাৰে, সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হবলৈ আৰম্ভ কৰিছে!

আৰক্ষীৰ সূত্ৰ অনুসৰি ইন্দোৰ আৰু মন্দসৌৰ জিলাৰ পৰা দুখন এজাহাৰ পোৱা গৈছে। প্ৰথম ঘটনা সংঘটিত হৈছিল ইন্দোৰত। ছচিয়েল মিডিয়াত গৰুৰ সৈতে হোৱা কু-কৰ্মৰ ভিডিঅ ভাইৰেল হোৱাৰ লগে লগে কঁপি উঠিল গৰু অধিকাৰ কৰ্মী আৰু অন্যান্য হিন্দু সংগঠন। ইয়াৰ পাছতে সেই স্থানত উপস্থিত হৈ অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম বিজয় আহিৰৱাৰ। তেওঁ ইন্দোৰৰ কাৰখানাত কৰ্মৰত আছিল। পিছত আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰ্যালোচনা কৰি ঘটনাৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰে।

অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰাজেশ দণ্ডোতিয়াই কয় যে অভিযুক্তৰ বিৰুদ্ধে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।ইচ্ছাকৃতভাৱে কোনো জন্তুৰ প্ৰতি কষ্ট দিয়া বা কষ্ট দিয়াটো অপৰাধমূলক অপৰাধ বুলি গণ্য কৰা হয়। সেইবাবেই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনটো ঘটনা সংঘটিত হৈছে ইন্দোৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ নিলগৰ মন্দসৌৰ জিলাৰ আফজলপুৰ থানাৰ অন্তৰ্গত এখন গাঁৱত। আফজলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰ্থ ছিনামে কয় যে অভিযুক্ত যুৱকজনৰ নাম দ্বাৰকা গোস্বামী। ৩৫ বছৰীয়া যুৱকজনৰ ঘৰ মাণ্ডছৌৰত।

অভিযোগ অনুসৰি সোমবাৰে নিশা গোহালিলৈ গৈ গৰুৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই লজ্জাজনক কাণ্ড পোহৰলৈ অহাৰ লগে লগে স্থানীয় এজন বাসিন্দাই সমগ্ৰ ঘটনাৰ ভিডিঅ ৰেকৰ্ডিং কৰি পিছত ছচিয়েল মিডিয়াত আপলোড কৰে। যিটো ভাইৰেল হোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছিল। মঙলবাৰে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি গাঁৱত ঘূৰি ফুৰাৰ পিছত থানালৈ লৈ যায়।

Related News