NORTHEAST NOW (Assamese)

জেইলত বন্দী ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ বিবাহ বিচ্ছেদ; ফেমিলি কোৰ্টে দিলে অনুমতি

October 4, 2019 11:44 am · এন ই নাও নিউজ
ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জী। ফাইল ফটো

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত জেইলত বন্দী হৈ থকা অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জীৰ বিবাহ বিচ্ছেদ হৈ গ’ল।

মুম্বাইৰ এখন ফেমিলি কোৰ্টে বৃহস্পতিবাৰে ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জীৰ বিচ্ছেদত অনুমতি প্ৰদান কৰে। দুয়োজনৰে বিচ্ছেদ সন্মতিৰ ভিত্তিত সম্পূৰ্ণ হৈছে।

২০১৭ চনৰ জানুৱাৰিত ইন্দ্ৰাণী মুখাৰ্জীয়ে পিটাৰ মুখাৰ্জীৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পাছতে এপ্ৰিল মাহত ইন্দ্ৰাণী মুখাৰ্জীয়ে পিটাৰ মুখাৰ্জীক আইনী জাননী প্ৰেৰণ কৰিছিল। তাৰ পাছত ২০১৮’ৰ ছেপ্টেম্বৰত দুয়োজনে আদালতৰ সন্মুখত বিচ্ছেদৰ বাবে সন্মতি দিছিল।

সেইদিনা দুয়োজনে আৰক্ষীৰ গাড়ীৰে আদালতত গৈ উপস্থিত হৈছিল।

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জী অভিযুক্ত হৈ ২০১৫’ৰ পৰাই জেইলত বন্দী জীৱন কটাইছে। দুয়োজনকে পৃথক জেইলত ৰখা হৈছে।

অৱশ্যে, দুয়োজনৰ বিৰুদ্ধে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। ফেমিলি কোৰ্টে দুয়োজনকে বুজাবুজিৰ বাবে সময় দি গোচৰটোৰ শুনানি ছয়মাহলৈ বৃদ্ধি কৰিছিল।

দুয়োজনৰ মাজত বুজাবুজি নোহোৱাৰ পাছত আদালতে পৰস্পৰৰ সন্মতিৰ আধাৰত দুয়োৰে বিচ্ছেদ কৰাই দিয়ে।

২০০২ চনত পীটাৰ মুখাৰ্জী আৰু ইন্দ্ৰাণী মুখাৰ্জীৰ বিয়া হৈছিল। পীটাৰ মুখাৰ্জী আৰু ইন্দ্ৰাণী মুখাৰ্জীৰ এইখন আছিল দ্বিতীয় বিবাহ।

পীটাৰ মুখাৰ্জীৰ পূৰ্বে ইন্দ্ৰাণী মুখাৰ্জীৰ কলকাতাৰ সঞ্জীৱ খান্নাৰ সৈতে বিয়া হৈছিল।

Related News