NORTHEAST NOW (Assamese)

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত কাৰাবন্দী হৈ থকা পীটাৰ মুখাৰ্জীৰ জামিন মঞ্জুৰ

February 6, 2020 5:33 pm · এন ই নাও নিউজ
ফটো: news 24online .com ৰ সৌজন্যত।

বোম্বে উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত ২০১৫চনৰ পৰা কাৰাগাৰাত বন্দী হৈ থকা ষ্টাৰ ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী পীটাৰ মুখাৰ্জীৰ জামিন মঞ্জুৰ কৰে।

মুখাৰ্জীক ২ লাখ টকাৰ বণ্ডৰ বিনিময়ত মুকলি কৰি দিয়া হয়। তেওঁক লগতে আদালতে তেওঁৰ পাছপ’ৰ্ট আৰক্ষীক সমৰ্পন কৰিবলৈকো নিৰ্দেশ দিয়ে।

২০১২চনত তেওঁৰ প্ৰাক্তন পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ কন্য শ্বীনা বৰাক হত্যাৰ ষড়যন্ত্ৰত গ্ৰহণ কৰা ভূমিকাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২০১৫চনৰে পৰা পীটাৰ মুখাৰ্জী কাৰাবন্দী হৈ আছিল।

‘যেতিয়া ঘটনাতো সংঘটিত হৈছিল, আবেদনকাৰী (পীটাৰ মুখাৰ্জী)ভাৰতত নাছিল। ঘটনাটোৰ বিচাৰ ইতিমধ্যে চলি আছে। আবেদনকাৰী চাৰি বছৰতকৈয়ো অধিক কাল কাৰাগাৰাত আছে আৰু অলপতে বাইপাছ চাৰ্জাৰী হৈ গৈছে,’-ন্যায়াধীশ চাম্ব্ৰে এইদৰে কয়।

ন্যায়াধীশ নীতিন চাম্ব্ৰেই পীটাৰ মুখাৰ্জীক অতিৰিক্ত স্থগিতকৰণ ল’বলৈ অনুমতি নিদিলে আৰু গোচৰটোৰ সাক্ষী তেওঁৰ কন্যা বিধি, পুত্ৰ ৰাহুল আৰু আন সাক্ষীসকলৰ সৈতে যোগাযোগ কৰিব নোৱাৰে বুলি কয়।

আদালতে লগতে প্ৰাথমিক সাক্ষ্যত অপৰাধটোত তেওঁ জড়িত থকাৰ কোনো প্ৰমান নাই বুলি কয়।

অৱশ্যে, চিবিআইৰ অনুৰোধত আদালতে ইয়াৰ নিৰ্দেশনা ছয় বছৰৰ বাবে স্থগিত ৰাখে যাতে তদন্তকাৰী সংস্থাটোৱে নিৰ্দেশটোৰ বিৰুদ্ধে এক আবেদন কৰিব পাৰে।

উল্লেখযোগ্য যে চিবিআইয়ে কৈছিল যে পীটাৰ মুখাৰ্জীয়ে ইন্দ্ৰাণী মুখাৰ্জী আৰু   তেওঁৰ পূৰ্বৰ পতি সঞ্জীৱ খান্নাৰ সৈতে শ্বীনা বৰাক হত্যা কৰাৰ বাবে এক অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হৈছিল।

ইন্দ্ৰাণী আৰু সঞ্জীৱ খান্নাও ২০১৫’ৰ এপ্ৰিলত গোচৰটোত গ্ৰেপ্তাৰ হোৱাৰ পৰা কাৰাগাৰতে আছে।

Related News