পেট্ৰ’লত কেৰ’চিন : বৰপেটাত প্ৰশাসনে ছীল কৰিলে পেট্ৰ’ল পাম্প

petrol pump seal barpeta.photo

বৰপেটাত পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে গ্ৰাহকৰ কেৰ'চিন মিহলোৱাৰ অভিযোগ। ফটো : নৰ্থইষ্ট নাও

পেট্ৰ’লত কেৰ’চিন মিহলোৱাৰ অভিযোগত বৰপেটা জিলা প্ৰশাসনে বৰপেটা চহৰৰ এটা পেট্ৰ’ল পাম্প শুকুৰবাৰে নিশা ছীল কৰে ৷ বৰপেটা চহৰৰ বৰপেটা হাউলী পথৰ কাষত থকা “আসাম অইল”ৰ মদন মোহন এণ্ড চো: পাম্পটোৰ পেট্ৰ’লত কেৰ’চিন মিহলোৱাৰ অভিযোগত জিলা প্ৰশাসনে  নিশা পেট্ৰ’ল পাম্পটো সাময়িকভাবে ছীল কৰে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া একাংশ গ্ৰাহকে পেট্ৰ’ল পাম্পটোৰ পেট্ৰ’লত কেৰ’চিন মিহলোৱা বুলি অভিযোগ কৰি পেট্ৰ’ল পাম্পটোৰ চৌহদত হুলস্থুল লগায় ৷ ইয়াৰ পিছতে বৰপেটা আৰক্ষীয়ে পেট্ৰ’ল পাম্পটোৰ চৌহদত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

জিলা প্ৰশাসন আৰু ভাৰতীয় অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া উপস্থিত হৈ পেট্ৰ’ল পাম্পটোৰ পেট্ৰ’লৰ নমুনা সংগ্ৰহ কৰি ফৰেনচিক লেব’ৰেটৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷

ফৰেনচিক লেব’ৰেটৰীৰ প্ৰতিবেদন নহা পৰ্যন্ত পেট্ৰ’ল পাম্পটো সাময়িকভাবে ছীল কৰা বুলি জিলা প্ৰশাসন আৰু ভাৰতীয় অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

পেট্ৰ’ল পাম্পটোলৈ পেট্ৰ’ল কঢ়িয়াই অনা এন এল-০১ এএ ৭৫১৩ নম্বৰৰ ট্ৰেঙ্কাৰখনো ছীল কৰা বুলি জানিবলৈ দিয়ে ভাৰতীয় অইল ইণ্ডিয়া লিমিটেডৰ  বিষয়া গৰাকীয়ে।