সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাৰ সদৌ ভাৰত ব্যৱসায় বন্ধ’ৰ সঁহাৰিত গুৱাহাটীত বন্ধ পেট্ৰল পাম্প

28-09-18 Guwahati- Bandh Petrol pump (6)

সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই  (Confederation of All India Traders) আহ্বান জনোৱা ‘সদৌ ভাৰত ব্যৱসায় বন্ধ’ৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ পেট্ৰল পাম্পসমূহো আমি পুৱা ৫-০০ বজাৰ পৰা আবেলি ৫-০০বজালৈকে বন্ধ ৰঘখা হয়।

গুৱাহাটীত বন্ধলৈ সমৰ্থন জনোৱা সংস্থাটো হৈছে উত্তৰ পূব পেট্ৰলিয়াম ব্যৱসায়ী সংস্থাৰ বৃহত্তৰ গুৱাহাটী গোট।

উল্লেখ্য যে খুচুৰা ব্যৱসায়ত বিদেশী প্ৰত্যক্ষ বিনিয়োগ বন্ধ কৰা আৰু ৱালমাৰ্ট-ফ্লিপকাৰ্টৰ সৈতে ব্যৱসায়িক চুক্তি বন্ধ কৰা —উক্ত দাবীসমূহেৰে সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই  দেশৰ বিভিন্ন ব্যৱসায়িক সংগঠনৰ সহযোগত আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ভাৰত ব্যৱসায় প্ৰতিষ্ঠান বন্ধৰ আহ্বান আহ্বান জনাইছিল।

গুৱাহাটীৰ নাগৰিকসকলে আজিৰ বন্ধৰ সম্পৰ্কে কালিয়েই আগতীয়াকৈ জানিব পৰা হেতুকে বিশেষ অসুবিধাত পৰা নাছিল।

উল্লেখ্য যে বন্ধ আজি কালি গুৱাহাটীত নিত্য-নৈমিত্যিক ঘটনা হৈ পৰা বাবে ইয়ে নাগৰিকৰ দৈনন্দিন জীৱনত বিশেষ প্ৰভাৱ পেলোৱাটো পৰিলক্ষিত হৈছে।