NORTHEAST NOW (Assamese)

এইবাৰ ভাৰতত কোভিড ভেকচিন বিক্ৰীৰ অনুমোদন বিচাৰিছে ফাইজাৰে

December 6, 2020 11:32 am · এন ই নাও নিউজ

ফাইজাৰ ইণ্ডিয়াই ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল (ডিজিচিআই)ৰ পৰা ভাৰতত তেওঁলোকে প্ৰস্তুত কৰি উলিওৱা কোভিড ভেকচিনৰ বিক্ৰীৰ বাবে অনুমোদন বিচাৰিছে।

ব্ৰিটেইন আৰু বাহৰেইনৰ পৰা অনুমোদন পোৱাৰ পাছত ফাইজাৰে এইবাৰ ভাৰতৰ পৰাও এই অনুমতি বিচাৰিছে।

বাতৰি অনুসৰি, ২০১৯চনৰ নতুন দৰৱ তথা ক্লিনিকেল ট্ৰায়েল আইন অনুসৰি ভাৰতত তেওঁলোকৰ কোভিড ভেকচিনৰ আমদানি, সৰবৰাহ তথা বিক্ৰীৰ অনুমোদন বিচাৰি ফাইজাৰে আবেদন জনাইছে।

অলপতে, ফাইজাৰ আৰু বায়’এনটেক সংস্থাৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা কোভিড ভেকচিন জৰুৰী অৱস্থাত বিক্ৰীৰ বাবে ব্ৰিটেইনে সাময়িক অনুমোদন দিছে।

ইয়াৰ পাছতে যোৱা শুকুৰবাৰে বাহৰেইন চৰকাৰেও ফাইজাৰৰ এই দুটা ড’জৰ কোভিড ভেকচিনৰ বিক্ৰীৰ অনুমোদন দিয়ে।

বাতৰি মতে, ফাইজাৰে তেওঁলোকৰ কোভিড ভেকচিনৰ বিক্ৰীৰ অনুমোদন বিচাৰি আমেৰিকাকো আবেদন জানইছে।

উল্লেখ্য যে ভাৰতত বৰ্তমান মুঠ পাঁচটা ভেকচিনৰ ট্ৰায়েল চলিছে। ইয়াৰ ভিতৰত ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ড-এষ্ট্ৰোজেনেকাই প্ৰস্তুত কৰা ভেকচিনৰ ট্ৰায়েলো চলাই আছে।

Related News