আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন : প্ৰায় ৪,৫০০ ছাত্ৰ-ছাত্ৰীয়ে কৰিব ভোটদান

Dn1HnE_W0AEGQ1p

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হ’ব। ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ বিশ্ববিদ্যালয়খনৰ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। পুৱা ১০ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

এইবাৰৰ নিৰ্বাচনত ছাত্ৰ একতা সভাখনৰ সভাপতি পদৰ বাবে ২ গৰাকী, উপ সভাপতি পদত ২গৰাকী, সাধাৰণ সম্পাদক পদত ৩ গৰাকী আৰু সহকাৰী সম্পাদক পদত দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ ১৫টা পদৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

মঙলবাৰে ছাত্ৰ একতা সভাখনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। বিশ্ববিদ্যালয়খনৰ প্ৰায় ৪,৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিৰ্বাচনত ভোটদান কৰিব।

বিশ্ববিদ্যালয়খনত শক্তিশালী স্থিতি ৰক্ষা কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাৰ্থীয়েই এইবাৰৰ নিৰ্বাচনতো ভাল ফলাফল প্ৰদৰ্শন কৰাৰ সম্ভাৱনাৰ কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত এক সূত্ৰই।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ যোৱা বছৰৰ নিৰ্বাচনত আছুৱে নিৰ্ণায়ক বিজয় সাৱ্যস্ত কৰিছিল আৰু এইবাৰো ছাত্ৰ সংগঠনটোৱে পূৰ্বৰ স্থিতি অক্ষত থকাৰ কথা দোহাৰিছে।

আনহাতে নিৰ্বাচনৰ দৌৰত অৱতীৰ্ণ হোৱা এন এছ ইউ আই, এ বি ভি পি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলেও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক প্ৰচাৰ চলাই তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ প্ৰচেষ্টা চলাইছে।

নিৰ্বাচনত আছুক পৰাজিত কৰাৰ বাবে এন এছ ইউ আই আৰু ছাত্ৰ মুক্তিৰ মাজত গোপন বুজাপৰা হোৱাৰ কথাও সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ এটা সূত্ৰই। আনহাতে, বৰ্তমান সগোত্ৰীয় চৰকাৰৰ প্ৰভাৱপুষ্ট এ বি ভি পিয়েও নিৰ্বাচনত নিজৰ প্ৰাৰ্থীক জয়ী কৰাৰ কাৰণে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছে।

অৱশ্যে এই সকলো সম্ভাৱনাৰ তথা জল্পনা-কল্পনাৰ অন্ত পৰিব মঙলবাৰে প্ৰকাশ পোৱা নিৰ্বাচনী ফলাফলত।