তেজপুৰ বিশ্ববিদ্যালয়ত চাঞ্চল্য, নিজ কোঠাতে উদ্ধাৰ যোৰহাটৰ গৱেষকৰ মৃতদেহ

tezpur university

মৃত কংকণ কলিতা। ছবি- নৰ্থ ইষ্ট নাও।

ছাত্ৰাবাসৰ নিজৰ কোঠাতে কংকণ কলিতা (৩১ বছৰীয়া) নামৰ এজন গৱেষকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তেজপুৰ বিশ্ববিদ্যালয়ত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

শুকুৰবাৰে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰগৰাকীক আবেলি সতীৰ্থই বিচাৰি আহি তেওঁ থকা শৰাইঘাট চি ভি ৰামন ছাত্ৰাবাসৰ কোঠাত বন্ধ অৱস্থাত পায় আৰু পিছত কোঠাৰ ভিতৰত প্ৰৱেশ কৰি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে গৱেষকজনৰ মৃতদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

প’ষ্ট মৰ্টেম প্ৰতিবেদনৰ পিছতহে তেওঁৰ মৃত্যু ৰহস্য পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে।

বিশ্ববিদ্যালয় সমাজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প’ষ্ট মৰ্টেমৰ পিছতে কলিতাৰ মৃতদেহ বিশ্ববিদ্যালয়খনলৈ অনা হ’ব। “ঘৰলৈ নিয়াৰ পূৰ্বে তেওঁৰ মৃতদেহ বিশ্ববিদ্যালয়লৈ অনা হ’ব,” জনালে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণ সংস্থাৰ ডীন ধনপতি ডেকাই।

বিশ্ববিদ্যালয়খনত কিউ আই পি (QIP) কাৰ্য্যসূচীৰ অধীনত পি এইচ ডি কৰি থকা কলিতা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ গৱেষক আছিল।

পি এইচ ডি কৰি থকা যোৰহাটৰ যুৱকগৰাকী কোকৰাঝাৰৰ চি আই টি (CIT)ত কৰ্মৰত আছিল।