শিৱসাগৰত শীঘ্ৰে অসম্পূৰ্ণ পানী যোগান আঁচনি আৰু শৌচাগাৰ নিৰ্মাণৰ নিৰ্দেশ মন্ত্ৰী ৰিহন দৈমাৰীৰ

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা সমবায় বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এক বিশেষ পৰ্য্যালোচনা সভাত অংশ গ্ৰহণ কৰি দুয়োটা বিভাগৰ অধীনত জিলাখনত চলি থকা কাম-কাজ আৰু আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয়।

সভাত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সমবায় সমিতি সমূহৰ পঞ্জীয়ক ললিত গগৈ, উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, জিলা উন্নয়ন আয়ুক্ত জোনমণি সোণোৱাল আৰু নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ উপস্থিত থাকে।

সভাত মন্ত্রীগৰাকীয়ে জিলা জল আৰু অনাময় সমিতিৰ বিভিন্ন কাম-কাজ যেনে স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ, গোবৰধন, আই ই চি (IEC) উদ্যোগ আদিৰ বিষয়ে আলোচনা কৰে।

 কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰণালয়ৰ ২০২৪ চনৰ ভিতৰত দেশত ‘হৰ ঘৰ নল কা জল’ লক্ষ্য প্ৰাপ্তিৰ বাবে জিলাখনৰ বিভাগীয় বিষয়া সকলকো কাম কৰি যাবলৈ আহ্বান জনায়।

মন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্যত খোৱা পানীৰ গুণাগুণ পৰীক্ষা কৰোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ জিলাখনৰ তিনিখন পৰীক্ষাগাৰৰ অৱস্থা সম্পৰ্কেও বুজ লয়।

 জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক বিভাগৰ অসম্পূৰ্ণ কাম-কাজ অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ উপৰিও পাৰ্যমানে সৌৰশক্তিক বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

 মন্ত্ৰী গৰাকীয়ে জিলাখনক অতিশীঘ্ৰে মুকলিত মলত্যাগ মুক্ত জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অহা ৩১ জুলাইৰ ভিতৰত শৌচাগাৰ নিৰ্মাণৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। লগতে শৌচাগাৰ নিৰ্মাণৰ সময়ত এই সমূহৰ গুণগত মানৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈও তেওঁ নিৰ্দেশ দিয়ে।

 তাৰোপৰিত সভাত মন্ত্ৰী দৈমাৰীয়ে সাম্ভাব্য বানপানীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ে বিভাগীয় প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়।

সমবায় বিভাগৰ কামকাজৰ পৰ্য্যালোচনা কালত মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া সকলক সমবায় সমিতি সমূহ পুনৰুজ্জীৱিত কৰি এই সমূহক উৎপাদনমুখী আৰু বজাৰ ব্যৱস্থাৰ লগত সংযোগ বৃদ্ধিত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।

সমবায় সমিতিৰ সদস্য সকলৰ কৌশল বিকাশৰ বাবে  বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ পোষকতা কৰি মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত জিলাখনত থকা অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ পৰা কাৰিকৰী সহযোগিতা গ্ৰহণ কৰিবলৈও আহ্বান জনায়।

জিলাখনক প্লাষ্টিক-মুক্ত কৰাৰ অৰ্থে সমবায় সমিতি সমূহৰ মাধ্যমেৰে মৰাপাটৰ বেগ আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰচেষ্টা কৰিবলৈও মন্ত্রী গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।