মুখ্যমন্ত্ৰীৰ টোগলকী কাণ্ড! OMR শ্বীটত পৰীক্ষাৰ্থীৰ নাম-ফটো : কেনে ভয়ংকৰ কথা?

প্ৰৱেশ পত্ৰত পৰীক্ষাৰ্থীৰ ফটো থাকে বুলি শুনিছোঁ… কিন্তু নিযুক্তি পৰীক্ষাৰ অ’এমআৰ শ্বীটতো ফটো? ই কেনে কথা কেনে কাণ্ড? কেনে ভয়ংকৰ কথা বা কাণ্ড হ’ব পাৰে এয়া…. প্ৰথমতেই এটা কথা উল্লেখ কৰি থওঁ…. অ’এমআৰ শ্বীটত ফটো-নাম থকাৰ লগে লগে মেচিনত নম্বৰ দিয়া বিষয়াজনৰ হাতলৈ গুচি যাব প্ৰাৰ্থীজনৰ ব্যক্তিগত তথ্য…. প্রার্থীজন কোন জাতি-সম্প্ৰদায়ৰ, উজনি নে নামনিৰ সকলো গম পাব বহী নিৰীক্ষকে।

এই বিস্ফোৰক অভিযোগ তুলিছে ফাইট এগেইনষ্ট ইনজাষ্টিছ অব এপিএছচি সংগঠনটোৰ এডমিন মানস প্ৰতীম বৰুৱাই।

যিকোনো এটা পৰীক্ষাত এটেনডেন্স শীট তথা উপস্থিতিৰ তথ্য সংগ্ৰহৰ এখন নথি থাকে। এই নথিত মূলতঃ দুটা বস্তু থাকে। ইয়াৰে এটা হৈছে প্ৰাৰ্থীজনৰ স্বাক্ষৰ আৰু আনটো হৈছে প্ৰাৰ্থীজনৰ ফটোখন। UPSC ৰ পৰা আৰম্ভ কৰি যিমান প্রতিযোগিতামূলক পৰীক্ষা হয়, সকলোতে উল্লিখিত ধৰণৰ এটেনডেন্স শ্বীটৰ ব্যৱস্থা থাকে; কিন্তু এটেনডেন্স শ্বীটত এই তথ্যখিনি থকাৰ পাছতো প্ৰাৰ্থীৰ নাম, ৰোল নম্বৰ আৰু ফটো এই তিনিটা বস্তু সম্বলিত এখন পাছনেলাইজ অ’এমআৰ শীট শেহতীয়া ADRE পৰীক্ষাত দিয়া দেখিবলৈ পোৱা গ’ল, যিটো অতি সন্দেহজনক। কিয় সন্দেহজনক? মানস প্ৰতীম বৰুৱাৰ মতে, এটা পৰীক্ষাৰ স্বচ্ছতাৰ কথা চিন্তা কৰিয়ে অ’ এম আৰ চিটৰ পৰা উহ্য ৰখা হয়…. কিয়নো প্রার্থীজনৰ নামটোৰ দ্বাৰাই তেওঁ পূব নে পশ্চিম অসমৰ, তেওঁৰ জাতিগত পৰিচয় কি হয়, তেওঁৰ সম্প্রদায় কি আদি বহুখিনি কথা গম পাব পাৰি। গতিকে নাম আৰু ফটোৰ বিপৰীতে অ’এমআৰ শ্বীটত ৰোল নম্বৰ দিয়া হয়, যাতে যিয়ে পৰীক্ষাৰ বহীসমূহ চাই তথা এই ব্যৱস্থাৰ লগত জড়িতসকলে যাতে প্রার্থীজনৰ পৰিচয় সম্পর্কে অৱগত নহয়। মডার্ণ পৰীক্ষা ব্যৱস্থাৰ এইটো এটা উল্লেখযোগ্য দিশ।’

কিন্তু ইমানখিনি ইন্টাৰনেট কৰ্তন কৰি, মোবাইল ফোন পৰীক্ষাগৃহৰ ভিতৰত নিবলৈ নি আনকি পেন্ট, ব্ৰা পেন্টীৰ ভিতৰত হাত ভৰাই তালাচী চলাই অৱশেষত কৰিলে কি… ১১ লাখ পৰীক্ষাৰ্থীয়ে এটা বৃহত্ প্ৰশ্নবোধকৰ মাজতহে পৰীক্ষা দিবলগীয়া হ’ল… সেইটো হ’ল…. নাম ফটো সম্বলিত অ’এম আৰ শ্বীটত পৰীক্ষাত অৱতীৰ্ণ হ’ল ১১ লাখৰো অধিক পৰীক্ষাৰ্থী।

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়া… আপুনি যিমানে লাগিলে নকওঁক যে, নিযুক্তি পৰীক্ষাৰ্থী বা চাকৰি প্ৰত্যাশীসকলক ভয় খুৱাবলৈ বা নিৰাশ কৰিবলৈ বা অন্তৰত আঘাত দিবলৈকে একাংশই নিখুঁটভাৱে অনুষ্ঠিত কৰা পৰীক্ষাটোত ভুল উলিয়াই আছে বুলি…. যিমানেই লাগিলে আস্ফালন নকৰক কিয়? কিয় এই খুঁট ৰাখি ১৫ চেপ্তেম্বৰ আৰু ২৯ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ অ’এমআৰ শ্বীটত লাখ লাখ পৰীক্ষাৰ্থীৰ নাম আৰু ফটো সম্বলিত OMR শ্বীটত পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’বলগীয়া হ’ল?

কিমান আৰু টোগলকী কাণ্ড কৰিব মুখ্যমন্ত্ৰী মহোদয়? অক্টোবৰ নৱেম্বৰৰ OMR শ্বীটত আকৌ ফটো নাম নাথাকিব…. এই দুটা পৰীক্ষাতনো হঠাৎ  এনে নিয়ম ৰাখিছিলনো কিয় মুখ্যমন্ত্ৰী মহোদয়? ইমান অজ্ঞানী বিষয়াৰে ভৰি আছে নে আৰু চৰকাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা বিভাগত? ইমান কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তুলিলে অথচ ইমান ডাঙৰ ভুল কেনেকৈ কৰিলে? কিয়নো প্রার্থীজনৰ নামটোৰ দ্বাৰাই তেওঁ পূব নে পশ্চিম অসমৰ, তেওঁৰ জাতিগত পৰিচয় কি হয়, তেওঁৰ সম্প্রদায় কি আদি বহুখিনি কথা গম পাব পাৰি। গতিকে নাম আৰু ফটোৰ বিপৰীতে অ’এমআৰ শ্বীটত ৰোল নম্বৰ দিয়া হয়, যাতে যিয়ে পৰীক্ষাৰ বহীসমূহ চাই তথা এই ব্যৱস্থাৰ লগত জড়িতসকলে যাতে প্রার্থীজনৰ পৰিচয় সম্পর্কে অৱগত নহয়।