• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ টোগলকী কাণ্ড! OMR শ্বীটত পৰীক্ষাৰ্থীৰ নাম-ফটো : কেনে ভয়ংকৰ কথা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 24, 2024 8:46 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰৱেশ পত্ৰত পৰীক্ষাৰ্থীৰ ফটো থাকে বুলি শুনিছোঁ… কিন্তু নিযুক্তি পৰীক্ষাৰ অ’এমআৰ শ্বীটতো ফটো? ই কেনে কথা কেনে কাণ্ড? কেনে ভয়ংকৰ কথা বা কাণ্ড হ’ব পাৰে এয়া…. প্ৰথমতেই এটা কথা উল্লেখ কৰি থওঁ…. অ’এমআৰ শ্বীটত ফটো-নাম থকাৰ লগে লগে মেচিনত নম্বৰ দিয়া বিষয়াজনৰ হাতলৈ গুচি যাব প্ৰাৰ্থীজনৰ ব্যক্তিগত তথ্য…. প্রার্থীজন কোন জাতি-সম্প্ৰদায়ৰ, উজনি নে নামনিৰ সকলো গম পাব বহী নিৰীক্ষকে।

এই বিস্ফোৰক অভিযোগ তুলিছে ফাইট এগেইনষ্ট ইনজাষ্টিছ অব এপিএছচি সংগঠনটোৰ এডমিন মানস প্ৰতীম বৰুৱাই।

Apply Now

যিকোনো এটা পৰীক্ষাত এটেনডেন্স শীট তথা উপস্থিতিৰ তথ্য সংগ্ৰহৰ এখন নথি থাকে। এই নথিত মূলতঃ দুটা বস্তু থাকে। ইয়াৰে এটা হৈছে প্ৰাৰ্থীজনৰ স্বাক্ষৰ আৰু আনটো হৈছে প্ৰাৰ্থীজনৰ ফটোখন। UPSC ৰ পৰা আৰম্ভ কৰি যিমান প্রতিযোগিতামূলক পৰীক্ষা হয়, সকলোতে উল্লিখিত ধৰণৰ এটেনডেন্স শ্বীটৰ ব্যৱস্থা থাকে; কিন্তু এটেনডেন্স শ্বীটত এই তথ্যখিনি থকাৰ পাছতো প্ৰাৰ্থীৰ নাম, ৰোল নম্বৰ আৰু ফটো এই তিনিটা বস্তু সম্বলিত এখন পাছনেলাইজ অ’এমআৰ শীট শেহতীয়া ADRE পৰীক্ষাত দিয়া দেখিবলৈ পোৱা গ’ল, যিটো অতি সন্দেহজনক। কিয় সন্দেহজনক? মানস প্ৰতীম বৰুৱাৰ মতে, এটা পৰীক্ষাৰ স্বচ্ছতাৰ কথা চিন্তা কৰিয়ে অ’ এম আৰ চিটৰ পৰা উহ্য ৰখা হয়…. কিয়নো প্রার্থীজনৰ নামটোৰ দ্বাৰাই তেওঁ পূব নে পশ্চিম অসমৰ, তেওঁৰ জাতিগত পৰিচয় কি হয়, তেওঁৰ সম্প্রদায় কি আদি বহুখিনি কথা গম পাব পাৰি। গতিকে নাম আৰু ফটোৰ বিপৰীতে অ’এমআৰ শ্বীটত ৰোল নম্বৰ দিয়া হয়, যাতে যিয়ে পৰীক্ষাৰ বহীসমূহ চাই তথা এই ব্যৱস্থাৰ লগত জড়িতসকলে যাতে প্রার্থীজনৰ পৰিচয় সম্পর্কে অৱগত নহয়। মডার্ণ পৰীক্ষা ব্যৱস্থাৰ এইটো এটা উল্লেখযোগ্য দিশ।’

কিন্তু ইমানখিনি ইন্টাৰনেট কৰ্তন কৰি, মোবাইল ফোন পৰীক্ষাগৃহৰ ভিতৰত নিবলৈ নি আনকি পেন্ট, ব্ৰা পেন্টীৰ ভিতৰত হাত ভৰাই তালাচী চলাই অৱশেষত কৰিলে কি… ১১ লাখ পৰীক্ষাৰ্থীয়ে এটা বৃহত্ প্ৰশ্নবোধকৰ মাজতহে পৰীক্ষা দিবলগীয়া হ’ল… সেইটো হ’ল…. নাম ফটো সম্বলিত অ’এম আৰ শ্বীটত পৰীক্ষাত অৱতীৰ্ণ হ’ল ১১ লাখৰো অধিক পৰীক্ষাৰ্থী।

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়া… আপুনি যিমানে লাগিলে নকওঁক যে, নিযুক্তি পৰীক্ষাৰ্থী বা চাকৰি প্ৰত্যাশীসকলক ভয় খুৱাবলৈ বা নিৰাশ কৰিবলৈ বা অন্তৰত আঘাত দিবলৈকে একাংশই নিখুঁটভাৱে অনুষ্ঠিত কৰা পৰীক্ষাটোত ভুল উলিয়াই আছে বুলি…. যিমানেই লাগিলে আস্ফালন নকৰক কিয়? কিয় এই খুঁট ৰাখি ১৫ চেপ্তেম্বৰ আৰু ২৯ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ অ’এমআৰ শ্বীটত লাখ লাখ পৰীক্ষাৰ্থীৰ নাম আৰু ফটো সম্বলিত OMR শ্বীটত পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’বলগীয়া হ’ল?

কিমান আৰু টোগলকী কাণ্ড কৰিব মুখ্যমন্ত্ৰী মহোদয়? অক্টোবৰ নৱেম্বৰৰ OMR শ্বীটত আকৌ ফটো নাম নাথাকিব…. এই দুটা পৰীক্ষাতনো হঠাৎ  এনে নিয়ম ৰাখিছিলনো কিয় মুখ্যমন্ত্ৰী মহোদয়? ইমান অজ্ঞানী বিষয়াৰে ভৰি আছে নে আৰু চৰকাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা বিভাগত? ইমান কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তুলিলে অথচ ইমান ডাঙৰ ভুল কেনেকৈ কৰিলে? কিয়নো প্রার্থীজনৰ নামটোৰ দ্বাৰাই তেওঁ পূব নে পশ্চিম অসমৰ, তেওঁৰ জাতিগত পৰিচয় কি হয়, তেওঁৰ সম্প্রদায় কি আদি বহুখিনি কথা গম পাব পাৰি। গতিকে নাম আৰু ফটোৰ বিপৰীতে অ’এমআৰ শ্বীটত ৰোল নম্বৰ দিয়া হয়, যাতে যিয়ে পৰীক্ষাৰ বহীসমূহ চাই তথা এই ব্যৱস্থাৰ লগত জড়িতসকলে যাতে প্রার্থীজনৰ পৰিচয় সম্পর্কে অৱগত নহয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd