পাণ-তামোল খাই ৰাস্তাত পিকোৱা লোকৰ ফটো বাতৰি কাকতত প্ৰকাশ কৰিব লাগে : নীতিন গাডকাৰী

পাণ, চাধা, তামোল, গুটখা আদি খাই য’তে ত’তে পিকোৱা লোকৰ ফটো তুলি বাতৰি কাকতত প্রকাশ কৰিব লাগে। এই দাবী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ।

ৰাস্তাই-ঘাটে, অফিছে-কাছাৰীয়ে তামোল, গুটখা আদি খাই পিকাই লেতেৰা কৰা লোকক যাতে ৰাইজে চিনি পাব পাৰে তাৰ বাবে এনে লোকৰ ফটো বাতৰি কাককত প্ৰকাশ কৰিব লাগে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষ্যে নাগপুৰৰ পৌৰ প্রশাসনে আয়োজন কৰা ‘স্বচ্ছ ভাৰত অভিযান’ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। সেই অনুষ্ঠানত ভাষণ দিয়াৰ সময়তে এই মন্তব্য কৰে গাডকাৰীয়ে।

মন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানত পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰাৰ ক্ষেত্ৰতো আলোকপাত কৰে।