NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰীয়ে প্ৰতিগৰাকী নাগৰিকক ১৫০০ টকাকৈ দিব; পি আই বিয়ে স্পষ্টীকৰণ দিলে মিছা বাতৰিৰ

April 15, 2020 7:52 am · এন ই নাও নিউজ

বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ক’ৰ’না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সমান্তৰালভাৱে  ছ’চিয়েল মিডিয়াত নানান ধৰণৰ ভূৱা বাতৰিয়ে জনসাধাৰণৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ল’কডাউনৰ সময়ত প্ৰতিগৰাকী নাগৰিকক ১৫,০০০ টকাকৈ প্ৰদান কৰিব বুলি এটা ভূৱা বাতৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

আনহাতে, ভূৱা বাতৰিটোত জনসাধাৰণে এই ধন লাভ কৰিবলৈ হ’লে এটা লিংকত ক্লিংক কৰিব লাগিব আৰু প্ৰয়োজনীয় ফৰ্ম ফিলআপ কৰিব লাগিব বুলিও উল্লেখ কৰা হৈছে।

প্ৰেছ ইনফৰমেশ্যন ব্যুৰো(পিআইবি)য়ে নিজৰ টুইটাৰ হেণ্ডলত এই বাতৰিটো ভূৱা বুলি স্পষ্টীকৰণ দি জনসাধাৰণক কোনোকাৰণতে এনেধৰণৰ বাতৰিত ভোল নাযাবলৈ অনুৰোধ কৰি কোনোধৰণৰ লিংকত ক্লিক নকৰিবলৈ কয়।

ক’ৰ’না ভাইৰাছৰ সংকতৰ সময়ত দেশত ল’কডাউন ৩ মে’লৈ বৃদ্ধি কৰা হৈছে আৰু বহু দুষ্ট চক্ৰই এইখিনি সময়ত মিছা বাতৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি ঘৰত আৱদ্ধ হৈ থকা জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে।

Related News