যোৰহাটক ৰক্ষা কৰিব নোৱাৰা মন্ত্ৰী পীযুষে সাম্প্ৰদায়িক মন্তব্যৰে টাৰ্গেট কৰিছে কাক?

ৰাজ্য পুনৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ঘৃণাৰ বজাৰ খোলা হৈছে। নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে তিনিখন আসন লাভ কৰাত গাৰ জ্বলত থাকিব পৰা মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ মন্ত্ৰীগণ। সেই অসহ্য পোৰণি থাকিব নোৱাৰিয়েই যেন মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ সতীৰ্থৰ মন্ত্ৰীগণে পুনৰ আৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি। উল্লেখ্য যে ধুবুৰীত বিজেপিৰ কথিত বুকুৰ কুটুম বদৰুদ্দিন আজমলৰ পৰাজয়ৰ বাৰুকৈয়ে ভাগি পৰিছে মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ মন্ত্ৰীগণ। সেই কেঁচা ঘাঁতে আকৌ টেঙা তেল ঢালি দিলে নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ বিজয়ে।

ইফালে যোৰহাটত গৌৰৱ গগৈক ৰুধিব নোৱাৰি মুখলজ্জাত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাসহ সমগ্ৰ বিজেপিৰ নেতা-মন্ত্ৰী। লোকসভা নিৰ্বাচনৰ এই জ্বলন-পোৰণ, কেঁহা-তিতা সহ্য কৰিব নোৱাৰি সেয়ে এতিয়া মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাইও ওকালি দিছে নিকৃষ্টি সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি।

অসমৰ নগাঁও আৰু নামনি অসমৰ ধুবুৰী লোকসভা সমষ্টিত বিপুল বিজয় সাব্যস্ত কৰা কংগ্ৰেছক ভোট দিয়া লোকসকলক সাম্প্ৰদায়িক বুলি আখ্যা দি কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকাই তাৰেই প্ৰমাণ দিছে। লোকসভা নিৰ্বাচনৰ প্রচাৰত যোৰহাট আৰু নগাঁও লোকসভা সমষ্টিত বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিয়া গেৰুৱা দলটোৰ ষ্টাৰ কেম্পেইনাৰ পীয়ুষ হাজৰিকাৰ মতে কেৱল সাম্প্ৰদায়িক লোকসকলে লোকসভা নিৰ্বাচনত ভোটদান কৰিছে। অকল সাম্প্ৰদায়িক লোকসকলে কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি ৭৫ লাখ বা ৭৪ লাখ ভোট পাইছে, তেন্তে তাৰ ভিতৰত ৫৮-৫৯ লাখ ভোটেই এটা বিশেষ জাতি বা সম্প্ৰদায়ৰ। কিন্তু আমি সকলোৰে ভোট পাইছো। বিজেপিয়ে বিশেষকৈ অসমীয়া, খিলঞ্জীয়া আৰু ভাৰতীয়ৰ ভোট পাইছো। গতিকে অসমৰ ৰাজনীতিত সাম্প্ৰদায়িক কোন? অসমৰ ৰাজনীতিত সাম্প্ৰদায়িকতাবাদ কোনে কৰে? সেইকথা ৰাইজে ভাবি চাওক।’ মন্ত্ৰী পীযুষ হাজৰিকাৰ ভয়ংকৰ মন্তব্য এয়া।

সেয়ে এতিয়া প্ৰশ্ন ভোটাৰক শ্ৰেণী বিভাজন কৰা, হিন্দু আৰু খিলঞ্জীয়া ভোট কেৱল বিজেপিয়ে লাভ কৰা বুলি কোৱাটো কি সাম্প্ৰদায়িক নহয় নেকি? হিন্দু সাম্প্ৰদায়িকতা কৰা মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ উত্তৰ দিবলৈ সাহস কৰিব নে?