• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এ ফ’ৰ আসাম’ বুলি কোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী এতিয়া ক’ত?

অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি পাহৰিলে নেকি মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই? মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে কিয় বাৰে বাৰে লাভ কৰে হাতীমূৰা বান্ধৰ নিৰ্মাণৰ কাম?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 3, 2024 4:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্র অসমত এতিয়া প্রলয়ংকৰী বানৰ তাণ্ডব। অসমৰ এই দীর্ঘদিনীয়া জলন্ত সমস্যাক লৈ কেন্দ্ৰ আৰু ৰাজ্যৰ দুইখন বিজেপি চৰকাৰে নিজৰ দায়িত্ব পালনত চূড়ান্ত ব্যর্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আজি সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে। ৰাইজৰ দলৰ নেতাগৰাকীয়ে তলৰ বিষয়সমূহ সংবাদ মাধ্যমৰ আগত দাঙি ধৰে।

১) অসমত বিজেপি চৰকাৰে এখন বানমুক্ত অসম গঢ়াৰ প্রতিশ্রুতি দি শাসনলৈ আহিছিল। কিন্তু শাসনলৈ অহাৰ আঠবছৰ পাছতো চৰকাৰখনে বান সমস্যা সমাধানৰ কাৰণে কোনো দীর্ঘম্যাদী বিজ্ঞানসন্মত পৰিকল্পনা হাতত হোৱা নাই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰ খননেৰে সেই সমস্যা সমাধান কৰা হ’ব বুলি ৰাইজৰ আভুৱা ভৰা হ’ল। এতিয়া আকৌ কেন্দ্রীয় গৃহ মন্ত্রী আমিত শ্বাহে ৫০ টা পুখুৰী খান্দি অসমৰ বান সমস্যা সমাধান কৰিব পৰা যাব বুলি অদ্ভূত বক্তব্য ৰাখিছে। এই প্ৰসংগত ৰাছেল হুছেইনে চৰকাৰক তলৰ প্ৰশ্নসমূহৰ জবাব বিচাৰিছে।

Apply Now

(ক) অসমৰ বানপানীৰ সময়ত ব্ৰহ্মহ্মপুত্ৰৰ ওপৰিও যি কেইটা উপনৈ য়ে উপদ্রব চলাই সেইকেইটাৰ সাধাৰণ পানীৰ বহন ক্ষমতা কিমান?

(খ) কি পৰিমাণৰ অতিৰিক্ত পানী বানপানীৰ সময়ত এই নৈ বোৰেৰে বৈ আহে?

(গ) এই সময়চোৱাত ধাৰাবাহিক বৃষ্টিপাতৰ ফলত নদীবান্ধবোৰে একে সময়ত কিমান পৰিমাণৰ পানী এৰি দিয়ে?

(ঘ) এই অতিৰিক্ত পানীখিনি পুখুৰীত ৰাখিবলৈ কিমান আয়তনৰ পুখুৰী খান্দিব লাগিব?

(ঙ) পানীৰ এই অতিৰিক্ত পৰিমাণ অনুযায়ী অঞ্চল ভেদে অসমৰ কোন কোন ঠাইত কিমান আয়তনৰ পুখুৰী খন্দা হ’ব?

(চ) যোৱা ন বছৰত নতুন পুখুৰী খন্দাৰ বিপৰীতে উন্নয়নৰ নামত নতুনকৈ কিমান জলাশয় পুতি পেলোৱা হ’ল? পুতি পেলোৱাৰ আগতে এই জলাশয়বোৰৰ পানী বহন ক্ষমতা প্রতি মিনিটত কিমান কিলো লিটাৰ আছিল?

২) অন্যহাতে কালি কলিয়াবৰত হাতীমূৰা বান্ধ ভাঙি অঞ্চলটোৰ বিস্তৃীর্ণ অঞ্চল প্লাবিত হৈছে। অভিযোগ উত্থাপন হৈছে যে হাতীমূৰা মথাউৰিৰ নিৰ্মাণৰ কামৰ বিভিন্ন ঠিকা অসম চৰকাৰৰ মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত প্রতিষ্ঠান মাধৱ এণ্টাৰপ্ৰাইজেও লাভ কৰিছিল। কৃষ্ণ মহন্তই ৭ কোটি ৬০ লাখ টকাৰ কামৰ আৱণ্টন লাভ কৰিছিল। উল্লেখযোগ্য যে ২০১৭ চনতো এই মথাউৰি ভাঙি কলিয়াবৰবাসী ৰাইজক জলাকলা খুৱাইছিল। সেইবাৰো এই মথাউৰিটোৰ মেৰামতিৰ ঠিকা লাভ কৰিছিল কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই। ককায়েক সমষ্টিটোৰ বিধায়ক হৈ থকা সময়ত এইদৰে বাৰে বাৰে বিধায়কগৰাকীৰ ভাতৃয়ে ঠিকা লাভ কৰাটোৱে কি সূচায়? ৰাইজৰ দলৰ নেতাগৰাকীয়ে হাতীমূৰা বান্ধৰ নির্মাণ সন্দর্ভত চিএম ভিজিলেন্স বা তাতকৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে।

৩) যি সময়ত সমষ্টিবাসীৰ ৰাইজ বানত ডুব গৈ আছে সেই সময়ত আকৌ বিজেপি বিধায়ক জিতু গোস্বামীয়ে থাইলেণ্ডৰ পাটায়াত গৈ পুত্ৰৰ উপনয়ন পাতিছে। লগত লৈ গৈছে পৰিয়াল তথা বন্ধু-বান্ধব। সেই কথাই বিজেপি বিধায়ক জিতু গোস্বামীয়ে যে বঢ়মপুৰ সমষ্টিবাসী ৰাইজক অৱজ্ঞা আৰু উপহাস কৰিছে, তাকেই প্রমাণ নকৰেনে? মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাহ সকলো বিধায়ককে নিজ নিজ সমষ্টিত থাকি বানপানীৰ বুজ ল’বলৈ নির্দেশ দিছে। সেই সময়তে জিতু গোস্বামীয়ে থাইলেণ্ডত গৈ পাতিছেগৈ পুত্ৰৰ উপনয়ন। এতিয়া প্রশ্ন হ’ল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অৱমাননা কৰা জিতু গোস্বামীৰ ওপৰত কি ব্যৱস্থা ল’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।

৪) ৰাছেল হুছেইনে কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ বান সমস্যা মোকাবিলা কৰিবলৈ পর্যাপ্ত ধন মোকোলাই নিদিয়াৰ অভিযোগ উত্থাপন কৰে। ২০১৭ চনৰ প্রলয়ংকৰী বানৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি ১,২৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী মোডীৰ এই পেকেজৰ কিমান টকা অসমে লাভ কৰিলে সেয়া ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক আহ্বান জনায় নেতাগৰাকীয়ে। কেবল এয়াই নহয় এনডিআৰএফৰ ধনো অসমে বিচৰা মতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এটা বছৰেও মোকোলাই দিয়া নাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd