মণিপুৰ জৈৱিক অভিযান এজেঞ্চিৰ উদগণিমূলক পদক্ষেপৰ বাবে ৰাজ্যখনৰ এক বৃহৎ সংখ্যক কৃষকৰ বাবে আনাৰসৰ খেতি উপাৰ্জনৰ প্ৰধান উৎস হৈ পৰিছে।
মণিপুৰৰ বাবে ইতিবচক কথাটো হৈছে এই যে কিউ (ডাঙৰ জাতৰ) আৰু কুইন (সৰু জাতৰ) আনাৰসৰ খেতি কৰিবৰ বাবে মণিপুৰৰ মাটি উপযোগী। এই দুবিধ আনাৰসৰ বিশেষ সোৱাদৰ বাবে মণিপুৰৰ ভিতৰৰ আৰু বাহিৰৰ বজাৰতো বিশেষ কদৰ আছে। শেহতীয়াভাৱে মণিপুৰৰ এণ্ড্ৰো সমষ্টিৰ অন্তৰ্গত আংথা গাঁৱত ২০০তকৈও অধিক কৃষকেবাৰ মাহেই আনাৰসৰ খেতি কৰিবলৈ লৈছে।
আংথা মানিং লেইকাইৰ এল ছানাহাবিয়ে কৈছে যে তেওঁলোকে এটা ক্ষুদ্ৰ এলেকাত আনাৰসৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু চাহিদা বাঢ়ি অহা আৰু উৎপাদন বাঢ়ি অহাৰ বাবে তেওঁলোকে আনাৰসৰ খেতিৰ মাটিৰ পৰিমাণ এক হেক্টৰলৈকে বৃদ্ধি কৰিছে। ৫০ বছৰীয়া কৃষক ছানাহাবিয়ে কৈছে যে যদিহে গছবোৰ ভালে ৰাখিব পৰা যায়, তেন্তে ১ ছংগম এলেকাৰ (হেক্টৰ ১ চতুৰ্থাংশ) ভূমিত প্ৰায় ৫০০০ আনাৰস উৎপাদন কৰিব পাৰি।
এইদৰে ছানাহাবিৰ পৰিয়ালটোৱে অলপীয়া মাটি এটুকুৰাত আনাৰসৰ কৃষিৰে পূৰ্বৰ আৰ্থিক নাটনিৰ পৰা এটা নিয়মীয়া উপাৰ্জনৰ পথ পাইছে।
এণ্ড্ৰো সমষ্টিৰ অন্তৰ্গত আংথা গাঁৱৰেই কে ইবেয়াই (৪০) নামৰ এগৰাকী গৃহিনীয়ে ১ ছংগম এলেকাৰ ভূমিত কৃষি কৰি একেই অভিজ্ঞতা ব্যক্ত কৰিছে।.
আণ্ড্ৰো কেন্দ্ৰ ডেভেলপমেণ্ট অৰেগেনাইজেশ্যনৰ উপদেষ্টা এম বাবুৱে কৈছে যে অকল আংথা গাঁৱত ২০০ গৰাকী আনাৰসৰ খেতিয়ক আছে। এইদৰে প্ৰায় আটাইকেইগৰাকী কৃষকেই আনাৰস খেতিৰ দ্বাৰা যথেষ্ট পৰিমাণে লাভান্বিত হোৱাৰ কথা ব্যক্ত কৰিছে।
আণ্ড্ৰো কেন্দ্ৰ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে সেয়েহে ২০১৭ৰ পৰা বাৰ্ষিক আনাৰস দিৱস এটাৰ আয়োজন কৰি আহিছে। চলিত বৰ্ষত জুলাইৰ ১৪ তাৰিখৰ পৰা ৪ সপ্তাহ ধৰি আনাৰস উৎসৱৰ আয়োজন কৰা হৈছিল। ২০০৭ৰ ১৫০ মেট্ৰিক টনৰ বিপৰীতে এই বছৰ ৩০০০ৰ পৰা ৪৮০০ মেট্ৰিকটন আনাৰস উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে।
আমোদজনক কথাটো হৈছে মণিপুৰ জৈৱিক অভিযান এজেঞ্চি নামৰ মণিপুৰ উদ্যানশস্য বিভাগৰ অধীনস্থ এটা অনুষ্ঠানে ৬০০গৰাকী আনাৰস কৃষকক আগবঢ়াই দিছে। তাৰে ভিতৰত ৪০০ গৰাকী পূব ইম্ফলৰ কাংপকপি আৰু থৌবান জিলা বেল্ট আৰু ২০০ গৰাকী হৈছে চুৰাচান্দপুৰ জিলা বেল্টৰ। তেওঁলোকে প্ৰায় ৬০০ হেক্টৰ কৃষিভূমি সামৰি আনাৰসৰ খেতি কৰিছে। সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰতিগৰাকী কৃষককেই বাৰ্ষিক ৭৫০০কৈ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।
থৌবান আৰু পূব ইম্ফলত ঘাইকৈ কুইন জাতৰ আৰু অন্য ভাগত কিউ জাতৰ আনাৰসৰ উৎপাদন কৰা হয়।