দেওবাৰে গুৱাহাটীত আৰম্ভ হ’ল দ্বিতীয় পিংকাথন : মুকলি কৰিলে ছুপাৰ মডেল মিলিন্দ সুমনে

42816404_2247857538834664_1826725135168569344_n

খানাপাৰাত পিংকাথন মুকলি কৰাৰ প্ৰাক্ মুহূৰ্তত ছুপাৰ মডেল মিলিন্দ সুমন।

দেওবাৰে ৰাতিপুৱাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমবেত হয় এজাক তৰুণী। তৰুণীসকলৰ সকলোৱে বগা টি ছাৰ্ট পিন্ধি উপস্থিত হয় উক্ত স্থানত উপস্থিত হয়। গুৱাহাটীত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা পিংকাথনত ভাগ ল’বলৈ এইদৰে আহি উপস্থিত হয়হি এই তৰুণীসকল।

দেশৰ অন্যতম ছুপাৰ মডেল মিলিন্দ সুমনে মঞ্চত উপৱিষ্ট হৈ পিংকাথনত ভাগ ল’বলৈ অহা যুৱতীসকলক উৎসাহিত কৰে। দেওবাৰে আৰম্ভ হোৱা পিংকাথনত ভাগ ল’বলৈ আহি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই তৰুণীজাক উপস্থিত হোৱাৰ পিছত মঞ্চত উপৱিষ্ট পিংকাথনৰ প্ৰতিষ্ঠাপক মিলিন্দ সুমনক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ হেতা ওপৰা লাগে।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই  মাৰাথনত প্ৰায় চাৰি সহস্ৰাধিক কিশোৰী তথা যুৱতীয়ে ভাগ লয়।

মহিলাৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এই বৃহৎ মাৰাথনটো মুকলি কৰে ছুপাৰ মডেল মিলিন্দ সুমনে। আনহাতে, খানাপাৰা খেলপথাৰ নৃত্য গীতেৰে মুখৰিত হৈ পৰাৰ লগতে তৰুণীসকলৰ উৎসাহ লক্ষ্যণীয় হৈ পৰে।

উল্লেখযোগ্য যে ‘পিংকাথন উইমেনছ ৰাণ’ৰ অংশ হিচাপে যোৱা ৮ ছেপ্টেম্বৰত আয়োজন কৰা ‘মন্দিৰৰ পৰা মন্দিৰলৈ দৌৰ’ত প্ৰায় ৩০ গৰাকী মহিলাই পৰম্পৰাগত অসমীয়া সাজ মেখেলা চাদৰ পৰিধান কৰি অংশগ্ৰহণ কৰিছিল।

চতুৰ্থ বৰ্ষৰ বাবে কালাৰ্ছ চেনেলৰ উদ্যোগত দেশৰ সৰ্ববৃহৎ মহিলা দৌৰ বাজাজ ইলেকট্ৰিকেলছ গুৱাহাটী পিংকাথন দেওবাৰে অনুষ্ঠিত কৰা হয়।