জাগীৰোড সমষ্টিত বিৰোধী দলৰ পৰা কোনোবা ডাঙৰ মানুহে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আনন্দিত হ’ম : পীযুষ হাজৰিকা

Pijush Hazarika

পীযুষ হাজৰিকাৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

জাগীৰোড বিধানসভা সমষ্টিত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলৰ পৰা কোনোৱা ডাঙৰ মানুহে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়ালে আনন্দিত হ’ব বুলি মন্তব্য কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই।

মঙলবাৰে জাগীৰোড জাগীভকতগাঁও সমূহীয়া ভৱনত অনুষ্ঠিত বিজেপি দলত যোগদান অনুষ্ঠান কাৰ্য্যসূচীত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে মন্তব্য প্ৰকাশ কৰে।

সাংবাদিকে জাগীৰোড সমষ্টিত প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত পীযুষ হাজৰিকাই ৰাইজৰ দলৰ কমল মেধিৰ জ্ঞানৰ অভাৱ বুলি উল্লেখ কৰি মেধিয়ে ক’ত নিৰ্বাচন খেলিব পাৰি অথবা নোৱাৰি জনি ল’ব লাগে বুলি কয়।

‘‘২০২১ বিধানসভা নিৰ্বাচনত জাগীৰোড সমষ্টিত বিৰোধী দলৰ পৰা এগৰাকী ভাল আৰু ডাঙৰ মানুহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আনন্দিত হ’ম,’’ অনুষ্ঠানত কংগ্ৰেছক চোকা সমালোচনা কৰি এইদৰে কয় মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বৰ্তমানৰ জনপ্ৰতিনিধি গৰাকীয়ে।

জাগীভকতগাঁও মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত বিশাল যোগদান সমাৰোহত  অসম গণ পৰিষদৰ তৃণমূল নেতা কৰ্মীৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক লোকে বিজেপি দলত যোগদান কৰে।

অনুষ্ঠানত জাগীভকতগাঁও মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈৰ লগতে গেৰুৱা দলটোৰ বহুকেইজন শীৰ্ষ নেতা-কৰ্মী উপস্থিত থাকে।