NORTHEAST NOW (Assamese)

অসম-মণিপুৰ সীমান্তত উদ্ধাৰ হোৱা IED সংক্ৰান্তত PLAৰ সহযোগীকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

November 27, 2021 11:12 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

মণিপুৰ সীমান্তত লাগি থকা অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰ অঞ্চলত ইম্প্ৰ’ভাইজড এক্সপ্ল’ছিভ ডিভাইছ (IED) উদ্ধাৰৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

যোৱা ২৩ নৱেম্বৰত কাছাৰ আৰক্ষীয়ে জিলাখনৰ লক্ষীপুৰ অঞ্চলৰ জুজামৰ পৰা IED টো উদ্ধাৰ কৰিছিল।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে কয় যে মণিপুৰৰ বিদ্ৰোহী সংগঠন পিপুলছ লিবাৰেশ্যন আৰ্মি (PLA)ৰ বাবে এক যোগাযোগকাৰী হিচাপে কাম কৰি থকা এগৰাকী মহিলাকে ধৰি IED স্থাপনৰ সৈতে জড়িত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

‘’গ্ৰেপ্তাৰ কৰা চাৰিজনৰ ভিতৰত লক্ষীপুৰ অঞ্চলৰ জয়পুৰৰ বাসিন্দা এগৰাকী ৩৯ বছৰীয়া মহিলা আছে আৰু তেওঁ পিএলএৰ যোগাযোগকাৰী হিচাপে কাম কৰিছিল,’’-আৰক্ষী অধীক্ষক কৌৰে কয়।

Also Read: Covid New variant কিমান ভয়াবহ কৰ’নাৰ নতুন ভেৰিয়েন্ট Omicron; কি জনালে WHOই?

গ্ৰেপ্তাৰ কৰা মহিলা গৰাকীক ৰকিবুল নেছা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী অধীক্ষক কৌৰে লগতে কয় যে প্ৰাথমিক তদন্তত পোৱা তথ্য মতে IEDটো মণিপুৰৰ বিষয়াক লক্ষ্য কৰি অঞ্চলটোত স্থাপন কৰা হৈছিল।

‘’আমি IED স্থাপনৰ সৈতে জড়িত এক গোচৰ ৰুজু কৰিছো আৰু তদন্ত চলাই এতিয়ালৈকে আমি এগৰাকী মহিলাকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ কৰিছো,’’-কৌৰে কয়।     

Related News