ব্ৰাজিলত বিমান দুৰ্ঘটনা, বিমানখনত থকা ৬২জন লোকৰে মৃত্যু

ফটোঃ সংগ্ৰহীত।

ব্ৰাজিলৰ চাও পাওলোত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ৫৮জন যাত্ৰীসহ মুঠ ৬২জন লোক আছিল। বাতৰি অনুসৰি চাও পাওলোৰ যি অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, সেই অঞ্চলটো জনবসতিপূৰ্ণ অঞ্চল। এই ঘটনাত আন কোনো লোক হতাহত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও  কিছু লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে।

বিমান সংস্থাটোৰ মতে, বিমানখন চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়। মুঠ যাত্ৰী আছিল ৫৮ জন। বিমানখনত পাইলটকে ধৰি মুঠ চাৰিজন ক্ৰু মেম্বাৰ আছিল। অৱশ্যে দুৰ্ঘটনাৰ কাৰণ বিমান সংস্থাটোৱে অৱগত কৰা নাই।

অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ভিনহেডো চহৰত। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, সামৰিক, আৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ বিষয়াসকল ততাতৈয়াকৈ উপস্থিত হৈছে।

ব্ৰাজিলৰ টেলিভিছন নেটৱৰ্ক গ্ল’ব’ নিউজৰ ফুটেজত জনবসতিপূৰ্ণ অঞ্চলত জুই জ্বলি থকা দেখা গৈছে বুলি বাতৰি সংস্থাটোৱে প্ৰকাশ কৰিছে। প্ৰথমে অনুমান কৰা হৈছে যে বিমানখন দুৰ্ঘটনাৰ পিছতে জুই লাগিছিল। টেলিভিছন নেটৱৰ্কৰ আন কিছুমান ফুটেজত বিমানখন নামি অহা দেখা গৈছে।

বিমানখনৰ ট্ৰেজেক্টৰী নিৰীক্ষণ কৰা ফ্লাইট ৰাডাৰ FlightRadar24 অনুসৰি বিমানখন হৈছে এ টি আৰ ৭২-৫০০ টাৰ্বোপ্ৰপ। এটিআৰৰ মালিক এয়াৰবাছ আৰু ইটালীৰ এৰোস্পেচ গ্ৰুপ লিওনাৰ্ডো।

ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভা দক্ষিণ ব্ৰাজিলৰ এক অনুষ্ঠানত উপস্থিত থকাৰ সময়তে বিমান দুৰ্ঘটনাৰ খবৰ বিয়পি পৰে বুলি সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। সেই সময়ত তেওঁ দৰ্শকক থিয় হৈ এক মিনিট মৌনতা অৱলম্বন কৰি শোক প্ৰকাশ কৰিবলৈ কয়।

তেওঁ কয় যে দেখা গৈছে যে বিমানখনত থকা সকলোৰে (৫৮ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ) মৃত্যু হৈছে। যদিও কোনটো উৎসৰ পৰা তেওঁ এই খবৰ পাইছিল সেই কথা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কোৱা নাই।

প্ৰতিবেদন অনুসৰি বিমানখনে ব্ৰাজিলৰ পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা উৰা মাৰিছিল। চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱাৰ  সময়ত বিমানখন বিনহেডো চহৰত দুৰ্ঘটনাগ্ৰস্ত হয়।