NORTHEAST NOW (Assamese)

দুঃসংবাদ: কোভিড ৰোগীৰ প্ৰাণ বচোৱাত সহায় নকৰে প্লাজমা থেৰাপিয়ে — আই চি এম আৰ

September 9, 2020 2:29 pm · এন ই নাও নিউজ
Updated: September 9, 2020 2:47 pm

অৱশেষত যেন শেষ আশাকণো নোহোৱা হৈ পৰিল।

কোনো প্ৰতিষেধকৰ আবিষ্কাৰ নোহোৱা কোভিডৰ চিকিৎসাত প্লাজমা থেৰাপিয়ে বিশেষ কাম কৰে বুলি ভবা হৈছিল যদিও শেহতীয়াকৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে যেন সেই আশাতো চেঁচা পানী ঢালিলে।

ICMR-এ শেহতীয়াকৈ এই বুলি প্ৰকাশ কৰিছে যে কোভিড ৰোগীৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত প্লাজমা থেৰাপিয়ে মুঠেও কাম নকৰে।

কেৱল সেয়াই নহয় কোভিড ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰতো প্লাজমা থেৰাপিৰ কোনো অৰিহণা নথকা বুলি প্ৰকাশ পাইছে।

সংস্থটোৱে দেশৰ বিভিন্ন ৰাজ্যৰ ৩৯ খন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১২১০ গৰাকী সংকটাপন্ন ৰোগীৰ দেহত প্লাজমা থেৰাপি প্ৰয়োগ কৰি এই সত্যত উপনীত হৈছে যে কোভিড ৰোগীৰ প্ৰাণৰক্ষাৰ ক্ষেত্ৰত প্লাজমা থেৰাপিৰ কোনো কাম নাই।

ICMR-এ ২২ এপ্ৰিলৰ পৰা ১৪ জুলাই পৰ্যন্ত এই সমীক্ষা চলাইছিল।

ইমান দিনে ভাবি অহা হৈছিল যে প্লাজমা থেৰাপি গ্ৰহণ কৰিলে কোভিড আক্ৰান্ত ৰোগীয়ে নৱজীৱন লাভ কৰাটো খাটাং।

কিন্তু শেহতীয়াকৈ ICMR-এ কৰা ঘোষণাই সকলো কথা ওলট-পালট কৰি দিলে।

ফলত চিন্তিত হৈ পৰিছে দেশৰ চিকিৎসা বিজ্ঞানী তথা চিকিৎসকসকল।

Related News