তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে মাৰ্ঘেৰিটা পৌৰসভায়।
জাননী অনুসৰি পৌৰসভাৰ অধীনৰ ঘৰ, প্ৰতিষ্ঠানৰ পৰা জৈৱ আৰু অজৈৱ আৱৰ্জনাসমূহ পৌৰকৰ্মচাৰীৰ দ্বাৰ চালিত ঠেলাগাড়ী বা আন বাহনত পৃথক-পৃথক ভাৱে গতাই দিব লাগিব।
পৌৰ নিগমৰ বাহনত আৱৰ্জনা জমা নিদি এলেকাৰ ভিতৰৰ কোনো ঠাইত পেলালে পৌৰসভা অধিনিয়মৰ অধীনত ৫০০ টকা জৰিমনাৰ লগতে আইনী ব্যৱস্থাৰ সন্মুখীন হব লাগিব।
আনহাতে, তিনিচুকীয়া জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশে এক জাননী যোগে মাৰ্ঘেৰিটা পৌৰসভাই সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত প্লাষ্টিক বেগৰ ব্যৱহাৰ অহা ১৫ আগষ্ট পৰা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অৱগত কৰে।
প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰাৰ পাছত অঞ্চলটোৰ জনসাধাৰণে এতিয়া বজাৰ কৰাৰ সময়ত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
পৌৰসভাৰ নিয়ম ভংগ কৰিলে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ মতে অপৰাধ হিচাপে বিৱেচিত হোৱাৰ লগতে ৫০০ টকা পৰ্য্যন্ত জৰিমনা ভৰিব লাগিব।
তদুপৰি, ৰাজহুৱা স্থানত ধূমপান কৰিলে ৫০০টকা, আৱৰ্জনা বিভিন্ন স্থানত দলিয়ালে ২০০০ টকা পৰ্য্যন্ত জৰিমনা ভৰিব লাগিব বুলি এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
উল্লেখযোগ্য যে, ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মাহিলী আৱৰ্জনা সংগ্ৰহ বাবে মাৰ্ঘেৰিটা পৌৰসভাক ক্ৰম অনুসৰি ৫ টকাৰ পৰা ১,৫০০ টকা পৰ্য্যন্ত মাচুল দিব লাগিব।