NORTHEAST NOW (Assamese)

আমেৰিকাৰ আদালতৰ পিছত এইবাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়তো আদানিৰ বিৰুদ্ধে নতুন গোচৰ

November 25, 2024 9:13 am · এন ই নাও নিউজ, গুৱাহাটী

বিপদে যেন লগ এৰা নাই গৌতম আদানিৰ। ইয়াৰ পূৰ্বে ছেবি আৰু উচ্চতম ন্যায়ালয়ৰ পৰা হিণ্ডেনবাৰ্গ বিতৰ্কত ‘ক্লিন চিট’ পাইছিল। অৱশ্যে নতুনকৈ আমেৰিকাৰ ন্যায় বিভাগৰ গোচৰত স্বয়ং গৌতম আদানিৰ নাম জড়িত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ উচ্চতম ন্যায়ালয়তো আদানিৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু হ’ল। খবৰ অনুসৰি এই গোচৰটো দাখিল কৰিছে অধিবক্তা বিশাল তিৱাৰীয়ে। ইয়াৰ পূৰ্বে তেওঁ আদানি-হিণ্ডেনবাৰ্গ বিতৰ্কৰ সময়তো উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।

ইফালে, ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ গোচৰত ইতিমধ্যে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে গৌতম আদানি আৰু সাগৰ আদানিলৈ চমন জাননী প্ৰেৰণ কৰিছে। আহমেদাবাদৰ শান্তিভান ফাৰ্মৰ গৌতম আদানিৰ ঘৰ আৰু বৰাকেভৰ সাগৰ আদানিৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে চমন জাননী।

উল্লেখ্য যে আদানিয়ে ভাৰত চৰকাৰৰ বিষয়াক ২ কোটি ৬৫ লাখ ডলাৰৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিপ্ৰেক্ষিতত কোটিপতি গৌতম আদানি আৰু তেওঁৰ ভতিজাককে ধৰি কেইবাজনো ভাৰতীয় ব্যৱসায়ীক আমেৰিকাত এক গোচৰত অভিযুক্ত কৰা হৈছে।

খবৰ অনুসৰি আমেৰিকাৰ ন্যায় বিভাগ আৰু আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ কোটিপতি গৌতম আদানিক আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াসকলক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে, গৌতম আদানিৰ লগতে আদানি গ্ৰীণ এনাৰ্জি লিমিটেডৰ কাৰ্যবাহী সাগৰ আদানি আৰু এজুৰ পাৱাৰ গ্ল’বেল লিমিটেডৰ কাৰ্যবাহী চাইৰিল কেবানেছকো এই গোচৰত অভিযুক্ত কৰা হৈছে।

অৱশ্যে এই সকলোবোৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে আদানি গ্ৰুপে। এই গোচৰৰ সন্দৰ্ভত আদানিৰ মুখপাত্ৰই ইতিমধ্যে কৈছে যে, ‘আদানি গ্ৰীণৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগ আৰু আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে যি অভিযোগ উত্থাপন কৰিছে সেয়া ভিত্তিহীন আৰু আমি সেইবোৰ অস্বীকাৰ কৰিছো। আনকি সেই বিবৃতিত আমেৰিকাৰ ন্যায় বিভাগে কৈছিল – এই অভিযোগসমূহ কেৱল অভিযোগ আৰু দোষী প্ৰমাণ নোহোৱালৈকে অভিযুক্তক নিৰ্দোষী বুলি ধৰা হ’ব।’

আদানিয়ে কোটি কোটি টকাৰ চুক্তি নিশ্চিত কৰিবলৈ ভাৰতীয় বিষয়াসকলক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। এইদৰে তেওঁলোকে আমেৰিকান আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰি বজাৰৰ পৰা ধন উলিয়াই আনিছিল।

দাবী কৰা হৈছে যে ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আদানি গোটে ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ভাৰতীয় বিষয়াসকলক ২৫ মিলিয়ন ডলাৰৰ ওপৰত উৎকোচ দি আদানিয়ে সৌৰশক্তি যোগান ধৰাৰ লাভজনক চুক্তি লাভ কৰিছিল। এই চুক্তিসমূহে ২০ বছৰত ২০০ বিলিয়ন ডলাৰৰ অধিক লাভৰ সৃষ্টি কৰিব বুলি আশা কৰা হয়।

Related News