ত্ৰিপুৰা ৰথ যাত্ৰা ট্ৰেজেডী: মৃতকৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ ঘোষণা ৰাজ্য চৰকাৰৰ

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰাও ২ লাখ টকা এক্স গ্ৰেচিয়া ঘোষণা

Tripura Rath Yatra

বুধবাৰে বিয়লি ত্ৰিপুৰাত ৰথ যাত্ৰাৰ সময়ত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। লগতে এই ঘটনাত ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱা লোকসকলক ২.৫০ লাখ টকা সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

তদুপৰি ৪০ ৰ পৰা ৬০ শতাংশৰ ভিতৰত অগ্নিদগ্ধ হোৱা চিকিৎসাধীন লোকসকলক ৭৪ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সাহাই এই শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰি তাৎক্ষণিকভাৱে এই ক্ষতিপূৰণ তথা সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰে।

উল্লেখ্য যে, ৰাজ্যখনৰ উনাকোটিৰ কুমাৰঘৰত উলটো ৰথ যাত্ৰাৰ সময়ত এখন ৰথত বিদ্যুৎস্পৃষ্ট হৈ ৭ গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। এই মৰ্মান্তিক ঘটনাত আন ১৬ গৰাকী ব্যক্তি গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। এই শোকাৱহ ঘটনাই ৰাজ্যজুৰি এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছিল।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্রী ড০ সাহাই তৎক্ষণাত ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যক্তিগতভাৱে পৰিস্থিতিৰ মূল্যায়ন কৰে। তেওঁ এই ঘটনাত শোক প্ৰকাশ কৰি ঘটনাক কল্পনাতীত আখ্যা দিয়ে আৰু ত্ৰিপুৰাৰ ইতিহাসত এনে দুৰ্ভাগ্যজনক ঘটনা কেতিয়াও সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে।

তেওঁ লগতে ফাতিক্ৰয় আৰু কুমাৰঘাট চিকিৎসালয় পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ আৰু মুখ্য সচিবক আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে এই দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা এক্স গ্ৰেচিয়া ঘোষণা কৰিছে। এক টুইট যোগে প্ৰধান কাৰ্যালয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জনাই আহতসকলৰ তৎকালীন আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটটোত লগতে প্ৰতিগৰাকী মৃতকৰ পৰিয়ালক ২ লাখ এক্স গ্ৰেচিয়া প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে। লগতে এই দুৰ্ঘটনাত আহতসকলৰ বাবে ৫০ হাজাৰ টকা সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।