পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

pmo on pm cares fund

ক’ভিদ মহামাৰীৰ সময়ত গঠন হোৱা ‘পিএম কেয়াৰ্ছ ফাণ্ড’ৰ ধনৰ গৰাকী কোন তথা এই ফাণ্ড তথ্য জনা অধিকাৰৰ আওতাত পৰে নে নপৰে সেই লৈ সময়ে সময়ে ব্যাপক বিতৰ্কৰ সূত্ৰপাত হৈছে। শাসকীয় বিজেপিক পিএম কেয়াৰ্ছ ফাণ্ডৰ প্ৰসংগৰে জবাবদিহি কৰি আহিছে বিৰোধীয়ে।

অৱশেষত বিৰোধীৰ এই সমালোচনা সন্দৰ্ভত মুখ খুলিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী ৰাষ্ট্ৰ নহয়, ই হৈছে প্ৰধানমন্ত্ৰীৰ নিয়ন্ত্ৰণাধীনহে। সেয়ে তথ্য জনাৰ আওতাতো নপৰে পিএম কেয়াৰ্ছ ফাণ্ড।

দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয় যে পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী ৰাষ্ট্ৰ নহয়। প্ৰধানমন্ত্ৰীৰহে এই ফাণ্ডৰ ধনৰ গৰাকী। উল্লেখ্য যে পিএম কেৰ্য়াছ ফাণ্ডক তথ্য জনা অধিকাৰ আইনৰ আওতাৰ বাহিৰত ৰখাৰ বাবে বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে।

বিভিন্ন পক্ষই পিএম কেয়াৰ্ছ ফাণ্ডক তথ্য জনাৰ অধিকাৰ আওতাত ধৰিবলৈ দাবী কৰাৰ বিপৰীতে চৰকাৰ তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয় যে পিএম কেৰ্য়াছ ফাণ্ড প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰহে দাতব্য সংস্থাহে, ই চৰকাৰৰ সংস্থা নহয় আৰু সেয়ে ই তথ্য জনাৰ অধিকাৰ আওতাত নপৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, পিএম কেয়াৰ্ছ ফাণ্ড ৰাজহুৱা দাতব্য সংস্থাৰূপে প্ৰতিষ্ঠা কৰা হৈছে। এই সংস্থা ভাৰতৰ সংবিধান বা সংসদৰ দ্বাৰা কোনো আইনৰ আধাৰত প্ৰতিষ্ঠা কৰা হোৱা নাছিল। লগতে এই সংস্থাই স্বেচ্ছামূলক বৰঙণিহে সংগ্ৰহ কৰে আৰু ই চৰকাৰী বাজেট অথবা উদ্যোগৰ বেলেন্স শ্বীটৰ পৰা অহা বৰঙণি গ্ৰহণ নকৰে বুলিও শপতনামাত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ক’ভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিত ২০২০ বৰ্ষৰ ২৭ মাৰ্চত গঠন কৰা হৈছিল এক জৰুৰীকালী পৰিস্থিতিৰ সাহায্য পুঁজি। যাৰ নাম ৰখা হৈছিল পিএম কেয়াৰ্ছ ফাণ্ড। ক’ভিদ মহামাৰীত জৰুৰীকালীন সাহায্য হিচাপে দেশৰ কোটি কোটি লোকে এই ফাণ্ডলৈ দান বৰঙণি আগবঢ়াইছিল।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন মতে গঠন হোৱা মাত্ৰ দুটা সপ্তাহৰ ভিতৰতে এই ফাণ্ডত জমা হৈছিল প্ৰায় ১০,৬০০ কোটি টকা। ইফালে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত পিএম কেয়াৰ্ছৰ ৱেবছাইটত এটা বিবৃতি আপলোড কৰা হৈছিল, য’ত উল্লেখ কৰা হৈছিল যে ২০২০ চনৰ ২৭ ৰ পৰা ৩১ মাৰ্চ ২০২০ৰ ভিতৰত ফাণ্ডত জমা হৈছিল প্ৰায় ২,৫০৯ কোটি টকা।

অৱশ্যে বিবৃতিটোত সংগ্ৰহ হোৱা মুঠ ধনৰ পৰিমাণ, দাতাসকলৰ নাম আৰু পৰিচয় আদি প্ৰকাশ কৰা হোৱা নাই। ইমানেই নহয় এই ফাণ্ডৰ সকলো নথি পত্ৰ ৰাজহুৱা কৰা নাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। ইয়াৰ পাছতেই এই ফাণ্ডক লৈ বিতৰ্কৰ সৃষ্টি হয়।

বিভিন্ন পক্ষই এই ফাণ্ডত সংগৃহীত ধন আৰু সকলো তথ্য পাতিৰ ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰা হয় যদিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পিএম কেয়াৰ্ছ ফাণ্ডক তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত নপৰে বুলি উল্লেখ কৰি এই দাবী নাকচ কৰি আহিছে।