ৰহিঙীয়া সংকট মোচনৰ বাবে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ ৩ টা পৰামৰ্শ

proxy.duckduckgo.com

ৰহিঙীয়া সংকট মোছনৰ বাবে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই ৩ টা গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয়ত অনুষ্ঠিত “Global Compact on Refugees: A Model for Greater Solidarity and Cooperation” শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে এই পৰামৰ্শাৱলী প্ৰদান কৰিছে।

তেওঁৰ প্ৰথম পৰামৰ্শ হৈছে ৰহিঙীয়াসকলৰ বিৰুদ্ধে ম্যানমাৰ চৰকাৰৰ পক্ষপাতমূলক আইন, নীতি আৰু কাৰ্যপন্থা হদ কৰা।

দ্বিতীয় পৰামৰ্শ অনুসৰি ৰহিঙীয়াসকলক নিৰাপত্তা আৰু অধিকাৰসহ স্থায়ী নাগৰিকত্ব প্ৰদান কৰি তেওঁলোকক নিৰাপদ পৰিৱেশত জীৱন ধাৰণ কৰিবলৈ দিয়া।

তৃতীয় পৰামৰ্শ অনুসৰি, ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ দ্বাৰা চলোৱা তথ্য উদ্ঘাটন অভিযানৰ পৰামৰ্শ অনুসৰি ম্যানমাৰৰ সামৰিক বাহিনীয়ে ৰহিঙীয়াসকলৰ সৈতে সংঘতিত কৰা ঘৃণ্য অপৰাধৰ দায়িত্ব দেশখনক ল’বলৈ বাধ্য কৰি ৰহিঙীয়াসকলৰ ন্যায়প্ৰাপ্তিৰ ব্যৱস্থা কৰিব লাগে।

বাংলাদেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে আৰু আঙুলিয়াই দিছে যে বাংলাদেশৰ প্ৰায় ৬০০০ একৰ ভূমিত প্ৰায় ১.১ মিলিয়ন স্থানান্তৰিত ৰহিঙীয়াই অতি শোচনীয়ভাৱে জীৱন-যাপন কৰি আছে।

হাছিনাই আৰু উল্লেখ কৰিছে যে ভূমি কম থকা আৰু আৰ্থ-সামাজিক সমস্যা থকা সত্তেও বাংলাদেশে ৰহিঙীয়াসকলক আশ্ৰয় প্ৰদান কৰিছে। বাংলাদেশ চৰকাৰে জীৱনধাৰণৰ বাবে নতুনকৈ গঢ়ি তোলা ‘ভাসন চৰ’লৈকে ৰহিঙীয়াসকলক স্থানান্তৰ কৰাৰ কথা গুণাগঁঠা কৰিছে। ইয়াতে তেওঁলোকে কিছু উন্নতভাৱে জীৱন ধাৰণ কৰিব পাৰিব বুলি বাংলাদেশ চৰকাৰে ভাৱে।

ৰহিঙীয়াসকলৰ আশ্ৰয়ৰ বাবে বাংলাদেশ চৰকাৰে এই সকলোখিনি কৰাৰ পাছতো জোৰপূৰ্বক নিজৰ জন্মভূমিৰ পৰা আঁতৰাই পঠোৱা ৰহিঙীয়াসকল নিৰাপত্তা আৰু মৰ্যাদা সহকাৰে তেওঁলোকৰ জন্মভূমি ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰাটো শ্বেইখ হাছিনাই বিচাৰিছে।