সমাগত বিহাৰ নিৰ্বাচন : প্ৰধানমন্ত্ৰী মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰশংসা কানহাইয়া কুমাৰৰ!

index

দেশৰ বামপন্থী ‘পোষ্টাৰ বয়’ কানহাইয়া কুমাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰশংসা কৰাৰ এক সাক্ষাৎকাৰে তোলপাৰ লগাইছে দেশৰ ৰাজনৈতিক মহলত।

উল্লেখ্য যে আগন্তুক নৱেম্বৰ মাহত বিহাৰ বিধানসভাৰ নিৰ্বাচন হোৱাৰ কথা। বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্-ক্ষণত কানহাইয়া কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা প্ৰশংসাই বিহাৰত নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনাক প্ৰকট কৰিছে বুলিও ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

বিগত কিছুমাহ ধৰি বিশেষকৈ লোকসভাৰ নিৰ্বাচনৰ পিছৰে পৰা কানহাইয়া কুমাৰক যথেষ্ট নীৰৱ হোৱা পৰিলক্ষিত হৈছিল।

কিন্তু যোৱা শুকুৰবাৰে এটা ইউটিউভ চেনেলত দিয়া সাক্ষাৎকাৰত বিহাৰৰ চিপিআইৰ যুৱনেতাগৰাকীয়ে পুনৰ পূৰ্বৰ দৰে সৰৱ হোৱা দেখা গ’ল।

সাক্ষাৎকাৰটোত কানহাইয়াই বিহাৰৰ নীতিশ কুমাৰৰ চৰকাৰৰ লগতে মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিলেও কিছু ক্ষেত্ৰত নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰা দেখা গ’ল।

নীতিশ কুমাৰৰ প্ৰসংগত চিপিআই নেতা কানহাইয়াই কয়, “নীতিশ কুমাৰে কিছুমান ভাল কাম কৰিছে। অৱশ্যে তেওঁৰ অনেক ব্যৰ্থতাও আছে। নীতিশ কুমাৰে উন্নয়নমূলক কামো কৰিছে যিবোৰ বিশ্বই প্ৰশংসা কৰিছে।”

মহিলা সংৰক্ষণ সুনিশ্চিতকৰণ, ছাত্ৰীসকসলৰ মাজত চাইকেল বিতৰণ, ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰথম দুটা বছৰৰ ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি উন্নয়ন আদিৰ বাবেও নীতিশ কুমাৰক প্ৰশংসা কৰা দেখা গ’ল চিপিআইৰ নেতা কানহাইয়া কুমাৰে।

ইফালে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক অভিজ্ঞতা আৰু তাৰ সফলতাৰ সম্পৰ্কে কোনো প্রশ্নই নাই বুলিও মন্তব্য কৰে কানহাইয়াই।

“তেওঁ(প্ৰধানমন্ত্ৰী) যি ধৰণে চৰকাৰী প্ৰকল্পসমূহ জনসাধাৰণৰ মাজত তুলি ধৰে সেয়া প্ৰশংসনীয়। বেটী পঢ়াও বেটী বচাওঁ প্ৰকল্পক বিৰোধিতা কৰিব নোৱাৰি। ডিজিটেল ইণ্ডিয়াৰ প্ৰকল্পকো বিৰোধিতা কৰিব নোৱাৰি।” কনাহাইয়া কুমাৰে কয়।

চিপিআইৰ যুৱ নেতাগৰাকীয়ে এইদৰে প্ৰশংসামূলক মন্তব্য কৰিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ব্যৰ্থতাক তেওঁৰ স্বকীয় তীব্ৰ বাক্যবাণেৰে সমালোচনাও কৰা দেখা যায়।

কানহাইয়াৰ মতে সকৰাত্মক কামৰ প্ৰশংসা আৰু নকৰাত্মক কামৰ বাবে সাধুতাৰে সমালোচনা কৰা উচিত। যিটো মূল্যবোধৰ ৰাজনীতিৰ এক অংশ বুলিও মন্তব্য কৰে তেওঁ।