NORTHEAST NOW (Assamese)

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

February 1, 2023 10:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 1, 2023 11:19 am

ঝাৰখণ্ডৰ ধনবাদস্থিত এক বহুমহলীয়া অট্টালিকাত কালি নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১২ গৰাকী লোক আহত হয়। ৰাজ্যৰ মুখ্য সচিব সুখদেৱ সিঙে সংবাদ মাধ্যমৰ আগত এই শোকাৱহ ঘটনাত হোৱা হতাহতৰ বিষয়ে সদৰী কৰে।

অগ্নিকাণ্ডৰ সঠিক কাৰণ এইপৰ্যন্ত জানিব পৰা নাই বুলি তেওঁ লগতে উল্লেখ কৰে। এই ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত ১০ গৰাকী মহিলা আৰু তিনিটি শিশুও আছে বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনৰ ব্যস্ত অঞ্চল জোৰাফাটকৰ আশ্বিৰ্ৱাদ টাৱাৰ নামৰ এক ১৩ মহলীয়া অট্টালিকাত সন্ধিয়াৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হয়। এই বিধ্বংসী জুই নুমুৱাবলৈ প্ৰায় ৪০ খন অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীলৈ প্ৰেৰণ প্ৰশাসনিক বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ঘটনা সন্দৰ্ভত মন্তব্য কৰি ঘটনাস্থলীত জিলা প্ৰশাসনে জৰুৰীকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলৰ চিকিৎসা চলি আছে বুলি জানিবলৈ দিয়ে।

ধনবাদৰ উপ আয়ুক্ত সন্দীপ কুমাৰে ঘটনাস্থলীৰ পৰা আহতসকলক উদ্ধাৰ কৰি স্থানীয় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ স্পষ্ট হোৱা নাই যদিও স্থানীয় ৰাইজৰ ভাষ্যৰ ভিত্তিত অট্টালিকাটোত চলি থকা পূজাৰ পৰা জুই লগা বুলি সন্দেহ কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়াৱহ অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি প্ৰকাশ কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। তেওঁ লগতে মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এই ঘটনাত আহতসকলৰ বাবেও ৫০,০০০ টকাকৈ ক্ষতিপূৰণ অনুমোদন জনোৱা হৈছে বুলি ঘোষণা কৰে।

Related News