চিলাপথাৰত মোদীয়ে ক’লে তেল-গেছৰ কথা, নক’লে ধেমাজীৰ বান- গৰাখহনীয়া, মূল্যবৃদ্ধি,নিৱনুৱা সমস্যাৰ কথা…

মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে হ'ব পাৰে অসমত নিৰ্বাচনৰ দিন ঘোষণা

a modi12

কম দিনৰ বিৰতিত চতুৰ্থবাৰৰ বাবে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আজি চিলাপথাৰৰ চিতলমাৰী পথাৰত অনুষ্ঠিত জনসভাত  বুটাম টিপি ধেমাজী অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভনি কৰে।

অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোদীয়ে কয় যে ধেমাজীলৈ তৃতীয়বাৰৰ বাবে আহিবলৈ পাই তেওঁ নিজকে সৌভাগ্যশালী বুলি অনুভৱ কৰিছে।

ধেমাজীবাসীয়ে আৱতৰীয়া দেৱালীৰ জৰিয়তে জনোৱা আদৰণিত তেওঁ আপ্লুত বুলি মন্তব্য কৰে।মোদীয়ে তেওঁৰ ভাষণত কয় যে প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো পূৰ্বৰ চৰকাৰ সমূহে অসমক মাহী আইৰ দৃষ্টিৰে চাইছিল।

বঙাইগাওঁ শোধানাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধিত চৰকাৰে গুৰুত্ব প্ৰদান কৰা বুলি তেওঁ উল্লেখ কৰে।মোদীয়ে তেওঁৰ ভাষণত তেল-গেছৰ কথা ক’লে যদিও ধেমাজীৰ বান-গৰাখহনীয়াৰ কথা মোদীয়ে তেওঁৰ ভাষণত ঘূণাক্ষৰেও উল্লেখ নকৰিলে।

এইবাৰৰ বাজেটত দেশত প্ৰায় ১ কোটি লোকক অতিৰিক্ত ভাবে উজ্বলা গেছ সংযোগ দিয়া হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত ক’লে যদিও ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে নিম্ন মধ্যবিত্তৰ মূৰত মৰা ৰাম টাঙোনৰ কথা পিছে ভুলতো উল্লেখ নকৰিলে।উল্লেখ্য শেহতীয়াকৈ প্ৰতিটো ঘৰুৱা ব্যবহৃত ৰন্ধন গেছৰ ছিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।

অসমৰ যুৱকৰ সামৰ্থ্যৰ কথা ক’লে যদিও অসমৰ নিৱনুৱা সমস্যা সমাধানৰ বাবে তেওঁৰ চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে একো নক’লে।

ইন্ধনৰ মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মোদীয়ে তেওঁৰ ভাষণত সাধাৰণ জনতাক আশ্বস্ত কৰিব পৰাকৈ টু শব্দ এটাও নক’লে।অথচ আজিৰ তাৰিখত সাধাৰণ জনতাই মোদীৰ পৰা তেনে বিষয় সমূহ সন্দৰ্ভত কিছু ইতিবাচক কথা আশা কৰিছিল।

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰসংগ উল্লেখ কৰি মোদীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিত স্থানীয় ভাষাৰে মেডিকেল শিক্ষা  লাভ কৰিব পৰা যাব।ফলত দুখীয়াৰ সন্তানো চিকিৎসক হ’ব পাৰিব বুলি মোদীয়ে অসমবাসীক তেওঁৰ ভাষণত সপোন দেখুৱায়।

মোদীয়ে লগতে কয় যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে অসমত নিৰ্বাচনৰ দিন ঘোষণা হৈ যাব। বিকাশৰ যাত্ৰাৰ বাবেই তেওঁ সকলোৰে সমৰ্থন কামনা কৰে। আত্ম নিৰ্ভৰ অসম নিৰ্মাণৰ বাবেও তেওঁ সকলোৰে সহযোগিতা কামনা কৰে।