অৰুণাচলৰ আল’ৰ পৰাই বিজেপিৰ জয় যাত্ৰা আৰম্ভ হোৱাৰ দাবী প্ৰধান মন্ত্ৰী মোডীৰ

obe0828g_narendra-modi-aalo_625x300_30_March_19

অৰুণাচলৰ আল'ত প্ৰধান মন্ত্ৰী মোডীয়ে ভাষণ দিছে।

আজি অৰুণাচল প্ৰদেশৰ আল’ত বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত ভাষণ দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছক তুলা ধূনা দিয়াৰ লগতে বিজেপিৰ বিকাশৰ সংকল্পৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। ‘সূৰ্য উঠা দেশ’ৰ ৰাইজক সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সূৰ্যৰ দৰে শক্তিশালী নাগৰিকসকলক ‘প্ৰধান সেৱক’ৰ নমস্কাৰ জনাই ভাষণ আৰম্ভ কৰে।

দেশৰ সুৰক্ষাৰ সদা জাগ্ৰত প্ৰহৰী বুলি উল্লেখ কৰি ভাৰত মাতাৰ ৰক্ষাৰ বাবে সাজু অৰুণাচলবাসীক লৈ দেশে গৌৰৱ কৰে বুলিও মোডীয়ে উল্লেখ কৰে।

অৰুণাচলত অনুষ্ঠিত হ’বলগীয়া মোপিন উৎসৱ এইবাৰ অৰুণপ্ৰভা চেনেলৰ মাধ্যমেৰে সমগ্ৰ দেশ তথা বিশ্বই চাব বুলি  প্ৰধান মন্ত্ৰী গৰাকীয়ে দোহাৰে।

অৰুণাচল প্ৰদেশে ভাৰতীয় জনতা পাৰ্টিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে প্ৰথমতে অৰুণাচলতে পদুম ফুলিছিল বুলি উনুকিয়াই দি কয় যে ২০১৯ তো অৰুণাচলবাসী ৰাইজে বিজেপিৰ সপক্ষে ৰায় দিব।

অৰুণাচল প্ৰদেশৰ তিনিজন বিধায়কক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী কৰি অৰুণাচলবাসীয়ে ৰাজ্যখনত পদুম ফুলাৰ বাৰ্তা দিয়া বুলিও মোডীয়ে কয়। বিকাশৰ ‘ডবল ইঞ্জিন’ৰ প্ৰতি ৰাজ্যবাসীৰ সঁহাৰিক ধন্যবাদ জনাই অৰুণাচল তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ প্ৰতি তেওঁ ঋণী বুলি সদৰী কৰে।

বিগত পাঁচ বছৰত বিকাশৰ মন্ত্ৰ ‘সবকা সাথ সবকা বিকাশ’ৰ সফলতা ‘আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদ’ৰ বাবে সম্ভৱ হোৱা বুলিও তেওঁ উল্লেখ কৰে।

বিগত পাঁচবছৰত অৰুণাচল প্ৰদেশত ৫০ হাজাৰ পৰিয়ালক বিদ্যুৎ সংযোগ আৰু ৰন্ধন গেছ দিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে আপোনালোকৰ সহযোগিতাৰ বাবে ৰাজ্যখনত একলাখ লোকৰ বাবে বিনামূলীয়া শৌচালয় আগবঢ়োৱাৰ লগতে ৫ হাজাৰ পৰিয়ালক মুকলিত মলমূত্ৰ ত্যাগৰ পৰা সকাহ দিবলৈ সক্ষম হৈছো। তদুপৰি, ৰাজ্যখনৰ ৩ লাখ লোকৰ প্ৰথমবাৰৰ বাবে বেংক একাউন্ট খোলা হ’ল বুলিও দাবী কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনত খোৱা পানীৰ যোগান, ট্ৰাইবেল গৱেষণা প্ৰতিষ্ঠান আৰু সৈনিক স্কুল স্থাপনৰ কথাও ভাষণত উল্লেখ কৰে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে ইয়াৰ মাজতে ৰসিকতা কৰি কয় যে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ চাইক্লিং আৰু কিৰেন ৰিজিজুৰ শাৰিৰীক অনুশীলনৰ ভিডিঅ’ ছচিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছত দেশৰ যুৱসকলক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে।

পূৰ্বৰ প্ৰধান মন্ত্ৰীৰ চাৰিবাৰ ভ্ৰমণৰ তুলনাত মোডীয়ে নিজেই ত্ৰিশবাৰ উত্তৰ-পূব ভ্ৰমণ কৰাৰ কথা সদৰী কৰি লগতে কয় যে তেওঁৰ চৰকাৰৰ মন্ত্ৰীসকলে সঘনাই উত্তৰ-পূবত ভ্ৰমণ কৰি ইয়াৰ জনসাধাৰণৰ সুখ দুখৰ খৱৰ লৈছে। আনহাতে, কংগ্ৰেছক লক্ষ্য কৰি মোডীয়ে কয় যে নিজকে দেশৰ ‘ভাগ্য বিধাতা’ বুলি দাবী কৰাসকলে কিমান খৱৰ কৰিলে তাৰ তুলনা কৰিলেই সকলো স্পষ্ট হৈ পৰিব।

অৰুণাচলক স্বাধীনতাৰ সাত দশক পাছত ৰে’লৰ সৈতে সংযোগ কৰাৰ দাবী কৰি প্ৰধান মন্ত্ৰী মোডীয়ে বগীবিল দলঙৰ জৰিয়তে অৰুণাচলৰ জনসাধাৰণ উপকৃত হোৱাৰ কথাও উল্লেখ কৰে।

কংগ্ৰেছক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাকে ধৰি বিভিন্ন আঁচনিত কংগ্ৰেছে দুৰ্নীতি কৰা বুলি উল্লেখ কৰে আৰু দুৰ্নীতিয়েই তেওঁলোকৰ মহা গতিবন্ধনত ‘ফেভিকল’ হিচাপে কাম কৰা বুলিও কটাক্ষ কৰে।

আজিৰ নিৰ্বাচনী সভাত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুকে ধৰি ৰাজ্যখনৰ বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে।