২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

লোকসভা নিৰ্বাচনৰ বাবে সাংসদসকলক গুৰুমন্ত্ৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি আপোনালোক সকলোৱে জনসাধাৰণৰ সৈতে সঠিকভাৱে সংযুক্ত হৈ থাকে, তেন্তে কেতিয়াও বিৰোধীয়ে ক্ষমতালৈ নাহ।

প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলে নিজ নিজ সমষ্টিলৈ গৈ জনসাধাৰণৰ সৈতে যোগাযোগ ৰাখিব লাগে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ কৈছিল। তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে লোকসভা নিৰ্বাচনত মাত্ৰ ৪০০ দিন বাকী আছে।

বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এয়া অমৃতকালৰ বাজেট। এই বাজেট সকলোৰে বাবে। এই বাজেট জনসাধাৰণৰ মাজলৈ লৈ যোৱা উচিত।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে বহু বিষয়ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয় যে তেওঁ সম্পূৰ্ণ বাজেট আৰু অন্তৱৰ্তীকালীন বাজেটকে ধৰি ২৫খন বাজেটৰ অভিজ্ঞতা লাভ কৰিছে।

মন্ত্ৰী যোশীৰ মতে এইখনক নিৰ্বাচনী বাজেট বুলি কোৱাৰ কাৰো সাহস নাথাকিব। দুখীয়াৰ কথা মনত ৰাখি এই বাজেট প্ৰস্তুত কৰা হৈছিল। এই বাজেটৰ দ্বাৰা সকলো দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীয়ে কিবা নহয় কিবা এটা পাব।

ইফালে ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১১ ফেব্ৰুৱাৰী শনিবাৰে ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী মোদীৰ ৰেলীত অংশগ্ৰহণ কৰাৰ কথা। শনিবাৰে ২ খন ৰেলীত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। দিনৰ ১২.৪৫ বজাত গোমটি জিলাৰ প্ৰথমখন সমাৱেশ আৰু দুপৰীয়া ২.৩০ বজাত ধলাইত দ্বিতীয়খন সমাৱেশত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।