“বড়ো চুক্তি উদযাপন” অনুষ্ঠানত মোদীৰ ভাষণত অসম চুক্তিৰ কথা

N Modi

নৰেন্দ্ৰ মোদী

কোকৰাঝাৰত বড়ো চুক্তি উদযাপন অনুষ্ঠানত উপস্থিত থকা প্ৰধান মন্ত্ৰী মোদীয়ে অসম চুক্তিৰ কথা উল্লেখ কৰি কয় যে অচিৰেই ৬ নং দফা ৰূপায়ণৰ ব্যৱস্থা কৰা হ’ব।

৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ কমিটিৰ প্ৰতিবেদন পালেই এই দিশত আগ বঢ়া হ’ব বুলি জানিবলৈ দি প্ৰধান মন্ত্ৰীজনে কয়, “মই কাম পেলাই থোৱা মানুহ নহয়”।

নিজকে অসম তথা উত্তৰ-পূবৰ প্ৰতি দায়বদ্ধ বুলিও কয় CAA গ্ৰহণৰ পিছত প্ৰথমবাৰলৈ অসম ভ্ৰমণ কৰা মোদীয়ে।

প্ৰধান মন্ত্ৰীজনে ভাষণত কয় যে উত্তৰ–পূবৰ প্ৰতি সকলোৰে ধাৰণা এতিয়া লাহে লাহে সলনি হৈছে।

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে পৰামৰ্শ দিবলৈ কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহত এখন ১৩জনীয়া কমিটী গঠন কৰি দিয়ে।

ইয়াৰ পূৰ্বেও গৃহ মন্ত্ৰ্যালয়ে একেটা উদ্দেশ্যত এখন কমিটী গঠন কৰিছিল যদিও অধিকাংশ সদস্যই থাকিবলৈ অস্বীকাৰ কৰাত সেয়া অকামিলা হয়।

অসম চুক্তিৰ ৬ নং দফাটোত অসমীয়াক সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনিক সুৰক্ষা দিয়াৰ কথা উল্লেখ আছে। ইয়াত অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য অটুট ৰখা আৰু সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ আছে।

জানিব পৰা মতে এই মাহৰ শেষৰ ফালে কমিটীখনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব।

প্ৰধান মন্ত্ৰী মোদীয়ে আজি নিজৰ ভাষণত অসম চুক্তিৰ ৬ নং দফাৰ শীঘ্ৰে ৰূপায়ণৰ ইংগিত দিয়াটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।