বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত মেচ উপভোগ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

অহা পাঁচ ফেব্ৰুৱাৰিৰ পৰা চেন্নাইত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাটো আৰম্ভ হ’ব। শৃংখলাৰ প্ৰথম দুখন মেচ চেন্নাইত অনুষ্ঠিত হ’ব।

শৃংখলাৰ বাকী দুখন তথা অন্তিম টেষ্ট দুখন বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

৫ ফেব্ৰুৱাৰিৰ পৰা ৯ ফেব্ৰুৱাৰিৰ ভিতৰত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট। ইফালে দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ১৩ৰ পৰা ১৭ ফেব্ৰুৱাৰিৰ ভিতৰত।

আনহাতে শৃংখলাৰ তৃতীয়খন টেষ্ট হ’ব দিবা-নৈশ। মেচখন ২৪ৰ পৰা ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত আহমদাবাদৰ নৱনিৰ্মিত মোটেৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

৪ৰ পৰা ৮ মাৰ্চৰ ভিতৰত হ’বলগীয়া শৃংখলাৰ চতুৰ্থখন টেষ্টো আহমদাবাদতে হ’ব।

তথ্য অনুসৰি প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচ উপভোগ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ যোৱাৰ সম্ভাৱনা আছে।

এই খবৰ কিমান সত্য সেয়া জানিব পৰা নাই যদিও ইয়াৰ বাবে বি চি চি আইয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি বি চি চি আইয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহ মন্ত্ৰী অমিত শ্বাহ, ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ লগতে কেইবাগৰাকীও বিশেষ ব্যক্তিক মেচখন উপভেগ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে।

২৪ৰ পৰা ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত আহমদাবাদৰ নৱনিৰ্মিত মোটেৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে হ’বলগীয়া আন্ত্ঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচখনৰ বাবে এই লোকসকলক আমন্ত্রণ জনোৱা হ’ব পাৰে।

ইয়াৰ উপৰি মোটেৰাত হ’বলগীয়া মেচখনত সীমতি সংখ্যক দৰ্শকৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে বুলিও ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰিটোত উল্লেখ আছে।