কাঠমাণ্ডুত বিআইএমএছটিইচি নেতৃবৃন্দক মুগা আৰু এৰী সূতাৰে বোৱা শ্ব’ল উপহাৰ প্ৰধান মন্ত্ৰী মোডীৰ

Narendra-Modi-1-570x320

প্রধান মন্ত্ৰী মোডীয়ে কাঠমাণ্ডুত বৃহস্পতিবাৰে বংগোপসাগৰীয় বহু খণ্ডভিত্তিক প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগৰ (Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation চমুকৈ BIMSTEC) শীৰ্ষ সন্মিলনত উপস্থিত থকা নেতাসকলক অসমৰ মুগা আৰু এৰী সূতাৰে তৈয়াৰী শ্ব’ল উপহাৰ দিছে।

শীৰ্ষ সন্মিলনক সম্বোধন কৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে কৈছে যে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহে বংগোপসাগৰীয় বহু খণ্ডভিত্তিক প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগৰ অন্তৰ্ভুক্ত ৰাজ্যসমূহৰ সৈতে যোগাযোগ সুদৃঢ় কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

বিআইএমএছটিইচি আৰ্থাৎ বংগোপসাগৰীয় বহু খণ্ডভিত্তিক প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগৰ  হৈছে বাংলাদেশ, ভাৰত, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড আৰু নেপালেৰে গঠিত ৰাষ্ট্ৰসমূহৰ এটা গোট। এই গোটে সমগ্ৰ বিশ্বৰ ২২শতাংশ নাগৰিকক সামৰি লৈছে।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা প্ৰধান মন্ত্ৰী মোদীয়ে ৪ৰ্থ বংগোপসাগৰীয় বহু খণ্ডভিত্তিক প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে কাঠমাণ্ডুত উপস্থিত হৈছিল।

আনন্দত আত্মহাৰা হোৱা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট কৰিছে, ‘প্ৰথমতে গামোচা আৰু তাৰ পাছত এৰী আৰু মুগা। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক বিশ্বত চিনাকী কৰাই দিবলৈ প্ৰতিটো সুযোগৰেই ব্যৱহাৰ কৰে। বিআইএমএছটিইচি আৰু আছিয়ান দেশসমূহৰ সৈতে যুক্ত কৰাৰ ক্ষেত্ৰত সৈতে বিহুও অসমৰ মজবুত অৰ্থনৈতিক আৰু সাংস্কৃতিক ভেটীটোৰ প্ৰতীক হৈ পৰিব।