দীপাৱলীৰ আগতে দেশবাসীৰ বাবে এক ডাঙৰ উপহাৰ! কেন্দ্ৰই কৰ গাঁথনিত আমূল পৰিৱৰ্তন আনিবলৈ গৈ আছে। বহু সামগ্ৰীত কৰ ৰেহাই পোৱা যাব। জি এছ টিৰ গাঁথনি সৰল কৰা হ’ব। লালকিল্লাৰ পৰা দিয়া ভাষণত এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লালকিল্লাত থিয় হৈ মোদীয়ে কয় যে জি এছ টি ব্যৱস্থাত শীঘ্ৰে বৃহৎ পৰিৱৰ্তন আহিব। বহু ক্ষেত্ৰত কৰ গাঁথনি সৰল হ’ব। নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীয়ে বহু ক্ষেত্ৰত বৃহৎ কৰ ৰেহাই পাব। জি এছ টিৰ জটিলতাত ভুগি থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও লাভ কৰিব সকাহ।
প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই পৰৱৰ্তী প্ৰজন্মৰ বাবে জি এছ টিৰ গাঁথনিত বৃহৎ পৰিৱৰ্তনৰ পথত আগবাঢ়িবলৈ ওলাইছে। ইয়াৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। সেই কমিটীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে৷
মোদীয়ে কয় যে এখন উন্নত ভাৰতৰ বাবে আমি এটা উন্নত নগৰীয়া জীৱন বিচাৰো। এখন উন্নত দেশৰ বাবে লাগে নাগৰিকৰ স্বচ্ছলতা। সেয়ে সাধাৰণ নাগৰিকৰ জীৱনত চৰকাৰী হস্তক্ষেপ কমাবলৈ যোৱা ১ দশক ধৰি সংস্কাৰ চলি আহিছে। কৰ গাঁথনি সৰল কৰা হৈছে। আয়কৰ পৰিশোধ প্ৰক্ৰিয়াটো সহজ কৰি তোলা হৈছে। আইনী জটিলতা হ্ৰাস কৰা হৈছে।
এইবাৰ কৰ গাঁথনিত অধিক পৰিৱৰ্তনৰ প্ৰয়োজন। এইবাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে জি এছ টিত বৃহৎ সংস্কাৰৰ প্ৰয়োজন। লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত, নিম্নবৰ্গ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত কৰৰ বোজা হ্ৰাস কৰিব বিচাৰিছে।
জি এছ টি আৰু কৰ গাঁথনিক লৈ বিৰোধীৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আহিছে। অভিযোগবোৰ মূলতঃ দুটা, জি এছ টিৰ মূল উদ্দেশ্য আছিল কৰ গাঁথনি সৰল কৰা। কিন্তু মোডী চৰকাৰে অনা জি এছ টি প্ৰক্ৰিয়াত সেয়া হোৱা নাই। ইয়াৰ বিপৰীতে ই অধিক জটিল হৈ পৰিছে।
আনহাতে, বহু ক্ষেত্ৰত জি এছ টিৰ পৰা বঞ্চিত হৈ আছে ৰাজ্য চৰকাৰ। প্ৰধানমন্ত্ৰীয়ে যি সংস্কাৰৰ কথা কৈছে, সেই সংস্কাৰৰ কথা এই দুটা সমস্যা সমাধানৰ বাবে ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ লগতে সাধাৰণ মানুহে ব্যৱহাৰ কৰা বহু সামগ্ৰীত ডাঙৰ ৰেহাই দিব পাৰে। ফলত বহু সামগ্ৰীৰ দাম কমি যাব।
কিন্তু মোদীয়ে যি সংস্কাৰৰ কথা কৈছে, সেইটোৰ স্বৰূপ কি? তেন্তে এইবাৰ পেট্ৰ’ল-ডিজেলকো জিএছটিৰ অধীনলৈ অনা হ’বনে? সেই প্ৰশ্নৰ উত্তৰ পোৱা হোৱা নাই।