পঞ্চায়ত নিৰ্বাচনত সমৰ্থন আগ বঢ়োৱা বাবে অসমৰ ভোটাৰক ধন্যবাদ প্ৰধান মন্ত্ৰী মোদীৰ

This Sunday, thinking of giving up my social media accounts: PM Modi

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ছবি।

ৰাজ্যখনৰ সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মোটামুটি ভাল প্ৰদৰ্শন কৰাৰ পিছত দেশৰ প্ৰধান মন্ত্ৰীয়ে দলটোলৈ সমৰ্থন আগ বঢ়োৱা বাবে অসমৰ ভাই-ভনীসকলক ধন্যবাদ দিছে।

আজি এটা টুইটযোগ্য প্ৰধান মন্ত্ৰী মোদীয়ে এই ধন্যবাদৰ বাৰ্তা প্ৰেৰণ কৰে। “অলপতে সমাপ্ত হোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপি দলটোলৈ আগ বঢ়োৱা সমৰ্থনৰ বাবে অসমৰ ভাই-ভনীসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিলো।” এইদৰে কোৱা হৈছে মোদীৰ টুইটটোত।

উল্লেখযোগ্য যে ৰাজ্যত যোৱা ৫ ঈৰপ ৯ ডিচেম্বৰত দুটা পৰ্য্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। পঞ্চায়ত নিৰ্বাচনৰ সম্পূৰ্ণ ফল আজিও ওলাবলৈ বাকী আছে যদিও সামগ্ৰিকভাৱে বিজেপিৰ প্ৰদৰ্শন সন্তোষজনক। প্ৰায় ৫০ শতাংশৰ ওচৰা-উচৰি আসন শাসনাধিষ্ঠিত দলটোৱে লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যখনৰ লোকসকলৰ অসম চৰকাৰৰ ওপৰত গভীৰ আস্থা থকা বাবেই পঞ্চায়তত নিৰ্বাচনত সুফল পোৱা বুলি তেওঁ কয়।