ৰাজ্যিক দিৱসত নাগালেণ্ডৰ জনসাধাৰণলৈ প্ৰধান মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভকামনা

নাগালেণ্ডৰ ৰাজ্যিক দিৱস উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নাগালেণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত নাগালেণ্ডৰ জনসাধাৰণে আগবঢ়োৱা অৱদানৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে নাগালেণ্ডবাসীক ধন্যবাদ জ্ঞাপন কৰে।

‘‘ৰাজ্যিক দিৱসত নাগালেণ্ডৰ সমূহ ভাতৃ আৰু ভগ্নীলৈ শুভেচ্ছা। সাহস আৰু দয়াৰ বাবে নাগালেণ্ডৰ জনসাধাৰণক জনা যায়। নাগালেণ্ডৰ সংস্কৃতি অনন্য আৰু ভাৰতৰ অগ্ৰগতিত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। নাগালেণ্ডৰ বিকাশৰ ধাৰা অব্যাহত থকাৰ বাবে প্ৰাৰ্থনা কৰিছো,’’ প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে টুইট কৰে।

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নাগালেণ্ডৰ ৰাজ্যিক দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি নাগালেণ্ডৰ জনসাধাৰণক অদম্য সাহসৰ বাবে জনা যায় বুলি উল্লেখ কৰে।

১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডলৈ সুকীয়া ৰাজ্যৰ মৰ্য্যদা আগবঢ়োৱা হৈছিল আৰু কোহিমাক নাগালেণ্ডৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল।

ইয়াৰ পূৰ্বে, নাগালেণ্ডৰ নেতা সকল আৰু কেন্দ্ৰ চৰকাৰে ১৯৫৭ চনত সুকীয়া নাগা হিলছ গঠনৰ বাবেও এখন চুক্তিত স্বাক্ষৰ কৰিছিল।