NORTHEAST NOW (Assamese)

কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?

December 6, 2022 12:25 pm · এন ই নাও নিউজ, গুৱাহাটী
যশোদাবেন। ফাইল ফটো।

প্ৰত্যেক বাৰেই গুজৰাটৰ লোক সভা আৰু বিধান সভাৰ নিৰ্বাচনত ভোটদান কৰি আহিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে। এইবাৰো চলিত বিধানসভাৰ নিৰ্বাচনত গুজৰাটৰ মেহছানা জিলাৰ উঞ্জাৰত ভোটদান কৰে যশোদাবেনে।

গুজৰাটত যোৱা সোমবাৰে অনুষ্ঠিত হয় গুজৰাট বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। বিয়লি প্ৰায় ১২:৩০ বজাত নিজৰ আত্মীয়ৰ সৈতে স্থানীয় ৰঘুভাই সভা পৰমা প্ৰাথমিক প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে প্ৰধানমন্ত্ৰীৰ পত্নীগৰাকীয়ে।

লগতে পঢ়ক: কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই

তাৰ পৰা উভতি অহাৰ পাছত যশোদাবেনে সাংবাদিকসকলৰ সৈতে কথা পাতে। কাক ভোট দিলে এই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ সাৱধানে এৰাই চলি যশোদাই হাঁহি হাঁহি সহজভাৱে ক’লে, “মই কাক ভোট দিলোঁ? মই প্ৰতিবাৰেই ভোট দিওঁ। গতিকে মই আকৌ ভোট দিলোঁ। সকলোৰে ভাল হ’বৰ বাবে।”

২০১৯ চনৰ লোকসভা নিৰ্বাচনতো তেওঁ ভোটদান কৰিছিল। নিৰ্বাচনৰ ফলাফলৰ দিনা তেওঁ প্ৰাৰ্থনাৰ বাবে অম্বাজী মাতা মন্দিৰলৈ যোৱা দেখিবলৈ পোৱা গৈছিল। সেই সময়ত তেওঁ সাংবাদিকক কৈছিল যে মোডীৰ নেতৃত্বত তিনিশৰো অধিক আসন লৈ বিজেপিয়ে কেন্দ্ৰত ক্ষমতালৈ আহিব বুলি তেওঁ প্ৰাৰ্থনা কৰিছিল।

উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলেই ৩০৩খন আসন লাভ কৰিছিল।

লগতে পঢ়ক: ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি

এতিয়া মূল কথাটো হ’ল যে মুখেৰে নকলেও নিশ্চিতভাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে বিজেপি দলৰ প্ৰাৰ্থীকেই যে ভোট দান কৰিছে সেয়া খাটাং! 

Related News