NORTHEAST NOW (Assamese)

শপত ল’লে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : বিদায়ী মুখ্যমন্ত্ৰী সোণোৱালক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

May 10, 2021 5:59 pm · এন ই নাও নিউজ

সোমবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিলে অসমৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে তেওঁ কেবিনেট সদস্যসকলকো শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে।

ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন মুখ্যমন্ত্ৰী হিচাপে সতীৰ্থ কেবিনেট সদস্যসকলৰ সৈতে শপত গ্ৰহণ কৰাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভূয়সী প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰাৰ কিছু সময়ৰ পিছতে সদ্য বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো টুইট কৰি উচ্চ প্ৰশংসা কৰে।

বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজৰ অতি গুৰুত্বপূৰ্ণ সহকৰ্মী বুলি আখ্যা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা পাঁচটা বছৰত প্ৰশাসনৰ গুৰি বঠা ধৰি সোণোৱালে ৰাজ্যখনৰ উন্নয়নক শীৰ্ষতম স্থানত উপণীত কৰাইছিল।

“মোৰ অতি গুৰুত্বপূৰ্ণ সহকৰ্মী সৰ্বানন্দজীয়ে যোৱা পাঁচ বছৰত অসমৰ মানুহৰ গুৰি বঠা ধৰি উন্নয়নক প্ৰশাসনৰ শীৰ্ষতম স্থানত উপৱিষ্ট কৰাইছিল। ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশৰ লগতে ৰাজ্যখনত দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম।” টুইটত এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

Related News