নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

আজি উদ্বোধন কৰা হ’ল নতুন সংসদ ভৱন। আজিৰ অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ নকৰাৰ প্ৰতিবাদত বিৰোধী দলসমূহে অনুষ্ঠান বৰ্জনৰ আহ্বান জনাইছে। অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি নতুন সংসদ ভৱনত অনুষ্ঠান অনুষ্ঠিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক কাষত লৈ নতুন সংসদ ভৱন উদ্বোধন কৰে। ৬৪,৫০০ বৰ্গমিটাৰ এলেকাত নিৰ্মিত হৈছে এই নতুন সংসদ ভৱন। অট্টালিকাটো চাৰি মহলীয়া।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে সৰ্বধৰ্ম প্ৰাৰ্থনাত যোগদান কৰে।

লগতে পঢ়ক: নীতি আয়োগৰ বৈঠকত অনুপস্থিত ১১ বিৰোধী মুখ্যমন্ত্ৰী! কেন্দ্ৰই ক’লে,’নাহিলে আপোনালোকৰে ক্ষতি’

প্ৰধানমন্ত্ৰী মোদীয়ে আজি সংসদ ভৱন উদ্বোধনৰ পূৰ্বে ছেংগলৰ সন্মুখত সাষ্টাংগে প্ৰণাম কৰে। পিছত মোদীয়ে লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষতে ছেংগল স্থাপন কৰে। ইমানদিন প্ৰয়াগৰাজৰ সংগ্ৰহালয়ত ৰখা হৈছিল সোণৰ ৰাজদণ্ড।

আজি এই উদ্বেধনী অনুষ্ঠানৰ সামৰণি পৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণেৰে। জানিব পৰা মতে, দুপৰীয়া ২:৩০ বজাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনত ভাষণ দিব।

ইয়াৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাষণ প্ৰদান কৰিব। সংসদ ভৱনৰ উদ্বোধনী উপলক্ষে উন্মোচন কৰা হ’ব এটা মুদ্ৰা আৰু এটা ডাকটিকট।

অনুষ্ঠানত তথ্যচিত্ৰখন প্ৰদৰ্শনৰ পিছত ৰাজ্যসভাৰ উপাধ্যক্ষই ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাৰ্তা পাঠ কৰিব। ৰাজ্যসভাৰ বিৰোধী নেতাইও এই সময়ত ভাষণ দিয়াৰ কথা। অৱশ্যে কংগ্ৰেছে এই অনুষ্ঠান বৰ্জন কৰাৰ বাবে এই সন্দৰ্ভত অনিশ্চয়তাৰ সৃষ্টি হৈছে।

নতুন সংসদ ভৱনত লোকসভাৰ ৮৮৮জন সদস্য আৰু ৰাজ্যসভাৰ ৩০০ সদস্য বহিব পাৰিব। দুয়োটা সদনৰ যৌথ অধিৱেশনৰ ক্ষেত্ৰত লোকসভাত মুঠ ১২৮০ জন সদস্যই স্থান পাব।